![]()
অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান। বিশেষকৈ অসম নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলং জিলাত অবৈধ ড্ৰাগছ সৰবৰাহকাৰীৰ প্ৰতিবাৰৰ ড্ৰাগছ সৰবৰাহৰ চেষ্টাত ব্যৰ্থ কৰি আহিছে অসম আৰক্ষীয়ে ।
সৰবৰাহকাৰী সকলে কাৰ্বি আংলঙৰ সীমান্ত এলেকাক নিৰাপদ ক’ৰিডৰ হিচাপে ব্যৱহাৰ কৰে আহিছে যদিও সীমান্তত আৰক্ষীৰ তীক্ষ্ণ পহৰাৰ পৰা ৰক্ষা পৰিব নোৱাৰে সৰবৰাহকাৰী সকল।
প্ৰাপ্ত খবৰ অনুসৰি আজি আজি নিশা লাহৰিজন পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন গগৈৰ নেতৃত্বত বোকাজান ২০ চি আৰ পিএফ কেম্পৰ জোৱান আৰু থানা ষ্টাফৰ সহযোগত লাহৰিজনত এক নাকা তালাচি বহায় ।
তালাছি কালত ডিমাপুৰৰ আহি থকা নম্বৰ প্লেট বিহীন মেজিক গল্ড বাহনত অভিযানকাৰী দলটোৱে তালাচি চলাই বাহন খনৰ চালকৰ আসনৰ পাচফালে গোপন কক্ষ বনাই লুকোৱাই অনা ৩৯ খন চাবুনৰ বাকচত ৫১১’৭৯ গ্ৰাম সন্দেহযুক্ত হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ।
এই সন্দৰ্ভত আৰক্ষী দুজন লোকক কৰায়ত্ব কৰিছে ।লোক দুজন ক্ৰমে নগাওঁ বলিকতিয়াৰ আব্দুল বাৰিকৰ পুত্ৰ দুলাল উদ্দিন (৩০) আনজন নগাঁও হীৰাপতী নিবাসী আলাল উদ্দিনৰ পুত্ৰ চৰাফত আলি (২২) চিনাক্ত কৰা হৈছে । সন্দেহযুক্ত হেৰইনখিনি বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত জব্দ কৰা হয় বুলি জানিব পৰা গৈছে।













