ASSAM TIMES POST
নতুন দিল্লীঃ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক বৃহস্পতিবাৰে সৰ্বোচ্চ ন্যায়ালয়ে ভৱিষ্যতে সতৰ্ক হোৱাৰ সকীয়নি প্ৰদান কৰিছে। এই সম্পৰ্কত উচ্চতম ন্যায়ালয়ে কয়, ‘ৰাহুল গান্ধী ভৱিষ্যতে অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন আছে।’ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বাধীন আৰু ন্যায়াধীশ এছকে কৌল আৰু কেএম যোছেফৰে গঠিত বিচাৰপীঠে কয় যে ৰাহুল গান্ধী হৈছে ৰাজনৈতিক প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ স্থানত অধিষ্ঠিত এজন লোক। সেয়ে উচ্চতম ন্যায়ালয় সম্পৰ্কত কথা কওঁতে অনাগত সময়ত অধিক সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা আছে। উল্লেখযোগ্য যে ৰাহুল গান্ধীয়ে “চকীদাৰ চোৰ” হয় বুলি কৰা মন্তব্যৰ পাছত উচ্চতম ন্যায়ালয়ে তেওঁক ক্ষমা খুজিবলৈ নিৰ্দেশ দিছিল। কিন্তু ৰাহুলে তাকে নকৰি কৈছিল যে উচ্চতম ন্যায়ালয়ে তেওঁ কৰা মন্তব্যক সমৰ্থন জনাইছে। ৰাহুল গান্ধীৰ এনে বক্তব্যৰ বিৰোধিতাৰে সেয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ মীনাক্ষী লেখী। সাংসদ লেখীৰ আৱেদনৰ ভিত্তিতে ছুপ্ৰিম ক’ৰ্টে বৃহস্পতিবাৰে ৰাহুল গান্ধীক সকীয়নি প্ৰদান কৰে।