ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিব্ৰুগড়ত পুনৰ বাঘৰ আতংক:ৰান্ধনীঘৰত আশ্ৰয় বনৰজাৰ গুৰুতৰভাবে আহত এজনক চিকিৎসাধী কাজিৰঙাৰ পৰা অহা বিশেষজ্ঞই তিনিবাৰত ট্ৰেংকুলাইজ কৰি সফল হল

ASSAM TIMES POST by ASSAM TIMES POST
November 14, 2019
Reading Time: 1 min read
A A
0
ডিব্ৰুগড়ত পুনৰ বাঘৰ আতংক:ৰান্ধনীঘৰত আশ্ৰয় বনৰজাৰ গুৰুতৰভাবে আহত এজনক চিকিৎসাধী কাজিৰঙাৰ পৰা অহা বিশেষজ্ঞই তিনিবাৰত ট্ৰেংকুলাইজ কৰি সফল হল

logo atp 199x300 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

বিভাস দুৱৰা

ডিব্ৰুগড় : প্ৰায় ৯ ঘন্টাৰ অন্তত এক শাসৰুদ্ধকৰ পৰিবেশৰ অৱশান ঘটিল।পাকঘৰত এক বাঘ আবদ্ধ কৰি অনাহাৰে তথা আতংকত থাকিল ডিব্ৰুগড়ৰ যৌথ পৰিয়ালটো।হয়,ডিব্ৰুগড়ত পুনৰ বাঘৰ সন্ত্ৰাসে কঁপাই তুলিলে সমগ্ৰ।বাঘৰ আক্ৰমনত গুৰুতৰভাবে আহত হৈ বৰ্তমানে এজন ব্যক্তি চিকিৎসাধীন হোৱা বুলি জানিব পৰা গৈছে।ঘটনাৰ বিবৰণী মতে আজি পুৱাৰ ভাগত ডিব্ৰুগড়ৰ চান্দমাৰিৰ নিবাসী,বিশিষ্ট ব্যৱসায়ী তথা এইচ এম হস্পিটালৰ স্বত্বাধিকাৰী মাহতাব আহমেদ নামৰ এজন লোকৰ চৌপাশে উচ্চ বেৰাৰে নিৰ্মিত এক আট্টালিকাৰ পাকঘৰত এটা নাহৰফুটুকী বাঘে আকস্মিকভাবে প্ৰবেশ কৰে।

WhatsApp Image 2019 11 14 at 11.15.19 PM | ASSAM TIMES POSTWhatsApp Image 2019 11 14 at 11.15.19 PM1 | ASSAM TIMES POST

পুৱা প্ৰায় ৯:৩০ বজাত মাহতাবৰ ঘৰত থকা সঞ্জীব দাস নামৰ এজন লোকে বাঘটোক প্ৰথমে প্ৰত্যক্ষ কৰে,যদিও প্ৰথমাৱস্থাত কিছু সন্দেহ উপজে।তাকে স্পষ্ট কৰিবলৈ এমামুদ্দিন আহমেদ নামৰ লোকজনে মাহতাব আহমেদৰ সুবিশাল ঘৰটোৰ ৰান্ধনী ঘৰত প্ৰবেশ কৰে।ইয়াৰ কিছু সময়ৰ পিছতে এমামুদ্দিনে তীব্ৰ আতংকত বাঘ,বাঘ বুলি চিঞৰি পাকঘৰৰ পৰা বাহিৰলৈ ওলায় আহে।তেতিয়া যুৱকজন তেজৰে লুতুৰি-পুতুৰি অৱস্থাত ঘৰৰ বাৰান্দাত ঢলি পৰে,পৰিয়ালৰ লোকসকলে এনে মৰণকাতৰ চিঞৰ শুনি সকলো ওলাই আহে বাৰান্দালৈ।যেতিয়া সকলোৱে এমামুদ্দিনৰ কিছু নিলগত প্ৰায় চাৰি ফুট দীঘল আৰু আঢ়ৈ ফুট উচ্চতাৰ এটা নাহৰফুটুকী বাঘ প্ৰত্যক্ষ কৰি কিংকৰ্তব্যবিমুঢ় হৈ পৰে।সকলোৱে চিঞৰ বাখৰ কৰাত বাঘটো পকী মজিয়াৰে খোজ কাঢ়ি এখন ডাইনিং টেবুলৰ কাষত আশ্ৰয় গ্ৰহন কৰিব বিছৰাত পৰিয়ালৰ লোকে উক্ত কোঠাৰ দুৱাৰ বন্ধ কৰে।বাঘটোৱে এইবাৰ আশ্ৰয় লয় ৰান্ধনি ঘৰত।সৌভাগ্যবশত সেই সময়ত ৰান্ধনি ঘৰত আন কোনো ব্যক্তি উপস্থিত নাছিল।নলহে সকলো বাঘৰ আক্ৰমনৰ লক্ষ্য হলহেঁতেন।
আনহাতেদি বুকু-মুৰ-পিঠিত বাঘৰ আক্ৰমনত ৰাঙলি হৈ পৰা এমামুদ্দিনক পল্টনবজাৰস্থিত এইচ এম হস্পিটালত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয়।
ইফালে স্বয়ং এগৰাকী বাঘ চিকাৰীৰ ঘৰত এনেদৰে হঠাৎ এক নাহৰফুটুকী বাঘ সোমোৱাত সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকৰ স্বৃষ্টিৰ লগতে ব্যাপক হৈ-চৈৰ স্বৃষ্টি হয়।বাঘ আহি জনঅৰণ্যত প্ৰবেশ কৰা বুলি জানিব পাৰি বহত্তৰ অঞ্চলটোৰ ৰাইজে নিজ-নিজ ঘৰৰ দুৱাৰ-খিৰিকি বন্ধ কৰি দিয়ে আৰু শিশুসকলক নিৰাপদ স্থানত ৰাখে।ঘটনাৰ খবৰ লাভ কৰি জিলা বন বিভাগৰ লোকৰ লগতে আৰক্ষী আৰু অৰ্দ্ধসামৰিক বাহিনীৰ লোক ঘটনাস্থলিত উপস্থিত হয়।কিন্তু ঢাল নাই,তৰোৱাল নাই নিধিৰাম চৰ্দাৰৰ ভূমিকাত বন বিভাগ।বাঘটোক ট্ৰেংকুলাইজ কৰি পিঞ্জৰাবদ্ধ কৰিবলৈ একো সঁজুলিয়েই নাই জিলা বন বিভাগৰ।পূৰ্বে তিনিচুকীয়া জিলাৰ গুইজানৰ পৰা ট্ৰেংকুলাইজ কৰিবৰ বাবে ঔষধ আৰু আনুষংগিক সঁজুলি অনা হৈছিল যদিও এইবাৰ গুইজানত উপলব্ধ নোহোৱাত সুদূৰ কাজিৰঙাৰ পৰা অনাৰ ব্যৱস্থা কৰিলে জিলা বন বিভাগে।

প্ৰায় ৮ ঘন্টা প্ৰতিক্ষাৰ অন্তত কাজিৰঙাৰ পৰা অহা তিনিজনীয়া বিশেষজ্ঞৰ দল আৰু ডিব্ৰু-চৈখোৱাৰ পৰা চাৰিজনীয়া বিশেষজ্ঞৰ দল ঘটনাস্থলীত উপস্থিত হয়।ইফালে উক্ত বাঘটো চাবলৈ সহস্ৰাধিক লোকৰ সমাগম হোৱাত অৰ্দ্ধসামৰিক বাহিনী নিয়োগ কৰিব লগীয়া হয়।কাজিৰঙাৰ পৰা অহা বিশেষজ্ঞৰ দলটোৱে অতি সৰু কোঠাৰ এটাৰ ভিতৰত আবদ্ধ হৈ থকা বাঘটোক প্ৰথমবাৰতেই ট্ৰেংকুলাইজ কৰিবলৈ ব্যৰ্থ হয়।বাঘৰ স্থিতি আৰু পজিচন সঠিক নোহোৱাৰ বাবে দ্বিতীয়বাৰো লক্ষ্যভ্ৰস্ত হয়।অৱশেষত তৃতীয়বাৰৰ প্ৰচেষ্টাতহে কোনমতে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় উন্মাদ বাঘটো।ইয়াৰ পিছতহে যৌথ পৰিয়ালটোৰ প্ৰায় অৰ্ধশতাধিক লোকে স্বস্তিৰ নি:স্বাস পেলায়।ইফালে জানিব পৰা মতে মাহতাব আহেমেদৰ স্বৰ্গীয় পিতৃ মুক্তাৰ আহমেদ এসময়ৰ এগৰাকী বিখ্যাত খ্যাতনামা বাঘ চিকাৰী আছিল।

আশীৰ দশকত ডিব্ৰুগড়ৰ চহৰত আতংক সৃষ্টি কৰি পাঁচ জনকৈ ব্যক্তিক হত্যা কৰা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘক হত্যা কৰি বিশেষভাবে চৰ্চিত হৈ পৰিছিল মুক্তাৰ আহমেদ নামৰ বিখ্যাত নৰখাদকৰ চিকাৰীজন আৰু আজি সেই বিখ্যাত বাঘ চিকাৰীৰ পাকঘৰতে এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘৰ আৰ্বিভাবক লৈ বেচ ৰসিক মন্তব্যৰে চৰ্চা লাভ কৰিছে।উল্লেখ্য যে ডিব্ৰুগড়ত এইটো তৃতীয়টো ঘটনা সংঘটিত হৈছে।ইয়াৰ পূৰ্বে ডিব্ৰুগড় চহৰৰ পাঁচ আলিৰ ব্ৰহ্মপুত্ৰ নদীৰ মথাউৰিৰ কাষতে থকা লক্ষীন্দ্ৰ ৰায় নামৰ লোক এজনৰ ঘৰত সোমাইছিল এটা বাঘ।ইয়াৰ পাছত এসপ্তাহৰ পূৰ্বে জকাইত চিতাম্বৰ চুতীয়া নামৰ ব্যক্তি জনৰ হাঁহৰ গৰালত বাঘ সোমাই ফান্দত পৰিছিল উক্ত বাঘটো।দুয়োটা বাঘ ডিব্ৰু ছৈখোৱা পৰা অহা বন বিভাগৰ লোকে ট্ৰেংকুইলাইজা কৰিছিল।আজি পুনৰ তৃতীয়টো ঘটনা।বনবিভাগে কাজিৰঙা পৰাহে ট্ৰেংকুইলাজাৰ কৰা বাবে বিশেষজ্ঞ দল নিমন্ত্ৰণ কৰিহে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয়। ইটোৰ পাছত সিটো এনে ঘটনা সংঘটিত হোৱাৰ পাছটো ঢাল তৰোৱাল নথকা নিধিৰাম চৰ্দাৰ বনবিভাগৰ নিৰ্লিপ্ত ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

by News Desk
July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

by News Desk
July 16, 2026
50
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

by Staff Reporter
July 16, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

by Staff Reporter
July 16, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য

by Staff Reporter
July 16, 2026
50
মাজ আকাশতেই বন্ধ হ’ল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিন! বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা
National-International

Air India I সম্পূৰ্ণ হোৱাৰ পথত এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাৰ তদন্ত, কেতিয়া ওলাব চূড়ান্ত প্ৰতিবেদন?

by Staff Reporter
July 16, 2026
50
ADVERTISEMENT
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx