ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত কেন্দ্ৰীয় ভাবে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

ASSAM TIMES POST by ASSAM TIMES POST
November 16, 2019
Reading Time: 1 min read
A A
0
বোকাখাতত কেন্দ্ৰীয় ভাবে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

অজন্তা তালুকদাৰ, বোকাখাতঃ আজি বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু বোকাখাত মহকুমা সাংবাদিক সন্থা, বোকাখাত প্লেছ ক্লাব, বোকাখাত ইমজা, কমাৰগাঁও আঞ্চলিক সাংবাদিক সন্থা, কমাৰগাঁও প্ৰেছ ক্লাব, নুমলীগড় আঞ্চলিক সাংবাদিক সন্থা আৰু কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সহযোগত বোকাখাত নাট্য মন্দিৰত ১৯৬৬ চনত গঠিত প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়।

WhatsApp Image 2019 11 16 at 7.05.05 PM | ASSAM TIMES POST

জ্যেষ্ঠ সাংবাদিক উত্তম শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত ‘সংবাদ পৰিবেশন, তাৎপৰ্য অনুধাৱন- এক যাত্ৰা’ শীৰ্ষক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে অনুষ্ঠিত আলোচনা চক্ৰৰ পৌৰহিত্য কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। কবি সাংবাদিক নাট্যকাৰ অমৰ শৰ্মাৰ এটি স্বৰচিত কবিতা পাঠেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত বোকাখাতৰ তথ্য আৰু জনসংযোগ বিষয়া মামন বৰকটকীয়ে উদ্দেশ্য ব্যাখ্যা দাঙি ধৰাৰ পিছতেই আদৰণী ভাষণেৰে অনুষ্ঠান উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই।

WhatsApp Image 2019 11 16 at 7.05.03 PM | ASSAM TIMES POST

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখি বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামে উপস্থিত সাংবাদিক সকলক দিৱস উপলক্ষে অভিনন্দন জনোৱাৰ লগতে বোকাখাতৰ প্ৰশাসন আৰু জনসাধাৰণৰ মাজৰ সেতু নিৰ্মাণত বোকাখাতৰ সাংবাদিকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাক প্ৰশংসা কৰে তথা প্ৰশাসনক সদায় কৰি অহাৰ দৰে ভৱিষ্যতেও সহায় সহযোগিতা কৰিবলৈ সাংবাদিকসকললৈ আহ্বান জনায়।

বিশিষ্ট সাংবাদিক তথা অনুষ্ঠানটিৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা ডি ৱাই ৩৬৫ চেনেলৰ কাৰ্যবাহী সম্পাদক প্ৰাণজিৎ শইকীয়াই সংবাদকৰ্মীসকলে পালন কৰি অহা দায়বদ্ধতাৰ প্ৰতি শ্ৰদ্ধা আৰু আস্থা প্ৰকাশেৰে সাংবাদিকতাৰ তাৎপৰ্যৰ অনুধাৱন কৰাৰ লগতে অসমৰ সামগ্ৰিক উন্নয়নত বোকাখাতে সজাগতাৰে পালন কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকাক প্ৰশংসা কৰে। নিৰ্দিষ্ট বক্তাগৰাকীয়ে লগতে সাম্প্ৰতিক সময়ৰ সাংবাদিকতাৰ প্ৰতি বিশ্বাসযোগ্যতাৰ এক তাৎপৰ্য ডাঙি ধৰে। সভাত আৰু বক্তব্য ৰাখে বোকাখাতৰ আৰক্ষী অধীক্ষক ডাঃ কল্যাণ দাস, বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা সাংবাদিক ড° বাবুলাল মোৰ, জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়া, বোকাখাত গাঁওৰক্ষী বাহিনীৰ সভাপতি মৃদুল বৰা আদিয়ে।

অনুষ্ঠানত কবি জ্যোতিৰেখা হাজৰিকাৰ এটি কবিতা পাঠ কৰি উপস্থিত সকলক আহ্লাদিত কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সাংগঠনিক সম্পাদক পলিমা চেতিয়া বসুমতাৰীয়ে। উল্লেখ্য যে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে আজি পুৱাৰ ভাগত বোকাখাতৰ ডিফলু পথৰ হিন্দী হাইস্কুলৰ পৰা মূল চাৰিআলিলৈকে এচোৱা দীৰ্ঘ পথত চাফাই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত বোকাখাতৰ ছপা আৰু বৈদ্যুতিন সমূহ সংবাদকৰ্মী ক্ৰমে নীলু আচাৰ্য, দিব্যজোতি হাজৰিকা, প্ৰদ্যুৎ মহন্ত, সুদীপ্ত তামুলী, প্ৰদীপ হাজৰিকা, ধনঞ্জয় মিশ্ৰ, স্বপন নাথ, অচ্যুত হাজৰিকা, বিতুপন বৰা, কৈলাশ পাটোৱাৰী, ৰীণা কটকী, হেমেন হাজৰিকা, ৰোমান বৰুৱা, সঞ্জীৱ হাজৰিকা, প্ৰাঞ্জল হাজৰিকা, অজন্তা তালুকদাৰ আদি, বিশিষ্ট লেখিকা সুবৰ্ণ শইকীয়া বৰদলৈ, বিশিষ্ট কবি সমাজকৰ্মী মিনতি দলে, কবিদ্বয় মনালিছা শইকীয়া আৰু মৃদুস্মিতা শৰ্মাৰ লগতে সমাজকৰ্মী ভাস্কৰ কালিন্দী, কুঞ্জলতা দাস, বিকুল শইকীয়াকে আদি কৰি অঞ্চলটোৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল আৰু যথেষ্ট সংখ্যক স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটি সুন্দৰ আৰু সফল কৰি তোলে। আনহাতে আজি বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামৰ জন্মদিন এই অনুষ্ঠানতে কেক কাটি আনুষ্ঠানিক ভাৱে উদযাপন কৰা হয়। শেষত অনুষ্ঠানৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই আগবঢ়োৱা সভাপতিৰ ভাষণ আৰু জ্যেষ্ঠ সাংবাদিক উত্তম শইকীয়াৰ শলাগৰ শৰাইৰে অনুষ্ঠানৰ সামৰণি পৰে।

Share4Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
ADVERTISEMENT
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx