![]()
অসমৰ ভূমি বেদখলৰ বাবে সীমামূৰীয়া ৰাজ্যই প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়ত পোহৰলৈ আহিছে কাৰবি আংলং (Karbi Anglong) জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ (Assam-Nagaland border) অতি দুৰ্গম এলেকাৰ সীমান্তৰ দিখাংচি গাঁৱৰ (Dikhangchi village) চৰম নিৰাপত্তাহীনতাত ভুগি থকাৰ এক স্পষ্ট ছবি৷ বৃহস্পতিবাৰে নিশা সাংবাদিকৰ আগত স্পষ্ট আৰু সৰল ভাষাত বৰ্ণনা কৰিলে সীমান্তঞ্চলত নগা দুৰ্বৃত্তৰ (Naga miscreants) পৰা পাই অহা ভাবুকি আৰু নিৰাপত্তাহীনতাৰ (Insecurity) কথা ৷ লোকজনে সাংবাদিকৰ আগত কয় যে, সীমামূৰীয়া দিখাংচি গাঁৱত চৰকাৰৰ জনকল্যাণমুখী আঁচনিৰ কোনো সুবিধা আজিলৈকে লাভ কৰা নাই ৷ গাওঁখনৰ যোদাযোগৰ বাবে বাটপথৰ অসুবিধাৰ পৰা আৰম্ভ কৰি বিশুদ্ধ খোৱাপানী, বিজুলী আদি অনান্য ব্যৱস্থাসমূহো আজিকোপতি লাভ কৰিবলৈ সক্ষম নহ’ল৷

ইয়াৰোপৰি গাওঁখন সীমামূৰীয়া হোৱাৰ বাবে প্ৰতিদিন প্ৰতিপল নগা দুৰ্বৃত্তৰ আক্ৰমণৰ আশংকাক বুকুতলৈ কোনোমতে গাওঁবাসীয়ে জীৱন-নিৰ্বাহ কৰি আহিছে৷ নগাৰ অত্যাচাৰে গাঁওখনত চৰমসীমা পাইছে৷ নগাই দিনদুপৰতে গাওঁবাসীৰ পৰা বলপূৰ্বক কুকুৰ, ছাগলী আৰু গৰু আদিলৈ যোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে৷ সীমান্তবাসীয়ে জংঘলকাটি মুকলি কৰা ভূমি বেদখলৰ চেষ্টা কৰিছে বুলি উল্লেখ কৰে লোকজনে ৷
দিনত নগা পুৰুষ-মহিলাই হাতত দা, কুঠাৰ আদিলৈ কাৰবি আংলঙৰ ভূমিত অনাধিকাৰ প্ৰৱেশ কৰি জংঘল কাটি বেদখলৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ এইলৈ গাওঁবাসীয়ে আপত্তি কৰিলেও গাওঁবাসীক ডাবি ধমকি দি খেদি পঠিয়ায় বুলিও অভিযোগ কৰে ৷ বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ধনশিৰি পৰিষদীয় সমষ্টিৰ এমএচি সীমান্ত এলেকা পৰিদৰ্শন কালত গাওঁবাসীয়ে এমএচি তিলোত্তমা হাঞ্চুৰ ওচৰত সীমান্তৰ ঘটনা আৰু নগাৰ অত্যাচাৰ আগ্ৰাসানৰ সন্দৰ্ভত অৱগত কৰে৷ সৰ্বদিশতে অনগ্ৰসৰ উক্ত গাওঁবাসীয়ে বিচাৰিছে এতিয়া নিৰাপত্তা ৷ এমএচি তিলোত্তমা হাঞ্চুৱেও সীমান্তবাসীৰ গাওঁবাসীৰ কথা হৃদয়াংগম কৰে আৰু ধৈৰ্য সহকাৰে শুনে ৷ এমএচিগৰাকীয়ে বিষয়টো কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ড: তুলিৰাম ৰংহাঙ আৰু অসমৰ মুথ্যমন্ত্ৰী: হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰিব বুলি ৰাইজক আশ্বাস দিয়ে ৷












