![]()
বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীৰ ঘৰৰ পিছফালৰ পৰা উদ্ধাৰ এগৰাকী মহিলাৰ পচি যোৱা মৃতদেহ Deadbody। ঘৰৰ পিছফালে থকা বোকাত পুতি থোৱা আছিল মৃতদেহটো। তাৰ আধা অংশ বোকাৰ পৰা ওলাই আছিল।

মহাৰাষ্ট্ৰ Maharastra ৰ সতৰা জিলাৰ ৱাডে গাঁৱত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে জনোৱা মতে, স্থানীয় বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক কান্তটাই নলৱাদৰ বাংলোৰ পিছফালৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো। বৰ্তমান বাংলোটোত কোনো নাথাকে, বন্ধ হৈ আছিল। চাফাই কাৰ্যৰ সময়তে উদ্ধাৰ হয় মৃতদেহটো।
ঘৰৰ পিছফালে বোকাত পৰি থকা মৃতদেহটোৰ খবৰ বিয়পি পৰাত অঞ্চলটোত আতংকৰ সৃষ্টি হয়। মৃতদেহটো চাবলৈ বিজেপি নেতাৰ বাংলোৰ সন্মুখত ভিৰ কৰে স্থানীয় ৰাইজে। মহিলাগৰাকী কোন বা কোনে হত্যা কৰিলে, তেওঁলোকৰ উদ্দেশ্য কি আছিল, মৃতদেহটো কিয় বোকাত পুতি থোৱা হʼল, তদন্ত অব্যাহত ৰাখিছে সতৰা থানাৰ আৰক্ষীয়ে।
মৃত মহিলাগৰাকী এতিয়াও চিনাক্ত হোৱা নাই। তেওঁৰ পৰিচয় জানিবলৈ চেষ্টা অব্যাহত আছে। মন কৰিবলগীয়া যে ২০২২ চনত মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তৰ পৰা বাৰে বাৰে এনে পচি যোৱা মৃতদেহ উদ্ধাৰ কৰা হৈছে। যোৱা জুন মাহতো মুম্বাইৰ পৰা ৩৫০ কিলোমিটাৰ দূৰত্বত থকা দুটা পৃথক ঘৰৰ পৰা একেটা পৰিয়ালৰ ৯ জন সদস্যৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।










