
আজি পুৱাৰ ভাগত কাৰবি আৰক্ষীৰ বকলীয়াঘাটত (Karbi Police’s Bakliaghat) নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান (Campaign against drugs)৷ জিলা উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ (Deputy Superintendent of Police Nahid Karishma) নেতৃত্বত বকলীয়াঘাট থানাৰ অ’ চি আৰু ষ্টাফৰ সহযোগত চলে অভিযানটো৷

এক গোপন খবৰৰ ভিত্তিত চলা অভিযানত আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে বুজন পৰিমাণৰ গাঞ্জা আৰু নিচাযুক্ত কেপচুল (Ganja and intoxicating capsules)।অভিযানত উদ্ধাৰ (Rescued in operation) কৰা হয় ১ কেজি ৩৮ গ্ৰাম গাঞ্জা আৰু ১০২টা নিচাযুক্ত চেমপ্লেক্স কেপচুল৷ নিচাযুক্ত সামগ্ৰীখিনি এনডিপিএছ আইনৰ অধীনত জব্দ কৰৈ হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে ৷

বকলীয়াঘাট থানা এলেকাৰ আটিগাঁৱৰ (Atigaon in Bakliaghat police station area) নুৰুদ্দিন বৰভূঞাৰ পুত্ৰ বাবুল বৰভূঞাৰ ঘৰত তালাচী চলাই উদ্ধাৰ (Babul Borbhuyan’s house found after searching) কৰে নিচাযুক্ত সামগ্ৰীখিনি৷ বিক্ৰীৰ উদ্দেশ্য অনা হৈছিল নিচা়যুক্ত সামগ্ৰীখিনি আৰক্ষীৰ পৰা জানিব পৰা গৈছে।












