ASSAM TIMES POST
গুৱাহাটীঃ নুমলীগড় শোধনাগাৰ লিমিটেডক কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতত দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাক লৈ ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছকে ধৰি প্ৰতিজন সচেতন লোকে ইয়াৰ বিৰোধিতা কৰি থকাৰ সময়তে এই কথাক সঁচা নহয় বুলি কৈছে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মুখপাত্ৰ ৰূপম গোস্বামী আৰু ৰাজ্যিক কোষাধ্যক্ষ তথা এনআৰএলৰ সঞ্চালক ৰাজকুমাৰ শৰ্মাই।
মঙলবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত প্ৰদেশ বিজেপিৰ সদৰত অনুষ্ঠিত এক সংবাদ মেলত গোস্বামীয়ে কয় যে এনআৰএলৰ ব্যক্তিগতকৰণ সম্পৰ্কত কোনো সিদ্ধান্ত কেন্দ্ৰই লোৱা নাই। পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ উদ্ধৃতিৰে তেওঁ কয় যে এনআৰএলৰ ব্যক্তিগতকৰণৰ বিপৰীতে কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে এনআৰএলক ২২ হাজাৰ কোটি টকা মোকলাইহে দিছিল।













