![]()
বৰ্ণাঢ্য আৰু চমকপ্ৰদ জীৱন পৰিক্ৰমাৰে সমৃদ্ধ ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)আজি ৫৪ বছৰত ভৰি দিলে। তেখেতৰ ওপৰত গভীৰ আস্থা প্ৰদৰ্শন কৰা বহু লোকে নিশা মুখ্যমন্ত্ৰী গৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপনৰ অৰ্থে তেখেতৰ বাসগৃহত উপস্থিত হয়।

২০২২ চনৰ ১০ মে’ মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰি ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ প্ৰগতি তথা উত্তৰণৰ ক্ষেত্ৰত সদা ব্যস্ত হৈ কৰ্ম সম্পাদন কৰি গৈছে। আজি তেখেতৰ জন্মদিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে শুভকামনা জ্ঞাপন কৰিছে।
আনহাতে,মুখ্যমন্ত্ৰীৰ জন্মদিনক লৈ সমষ্টিবাসীৰ মাজত ব্যাপক উছাহ। বিগত বৰ্ষসমূহৰ দৰে পাণ্ডু-মালিগাঁৱৰ ৰাইজৰ উদ্যোগত মঙলবাৰৰ পৰা দুদিনীয়াকৈ উদযাপন কৰি থকা হৈছে মুখ্যমন্ত্ৰীৰ জন্মদিন।নিশা ১২ বজাৰ লগে লগে ৰাইজে কেক কাটি উদযাপন কৰে জন্মদিন।আছাম টাইমছ পোষ্টৰ তৰফৰ পৰাও আন্তৰিক শুভেচ্ছা থাকিল মুখ্যমন্ত্ৰী গৰাকীলৈ৷












