ASSAM TIMES POST
গুৱাহাটীঃ ‘নৱজাগৰণৰ বাবে ছাত্ৰ’- এই শ্ল’গানেৰে ৰাজ্যৰ ছাত্ৰ ৰাজনীতিত বৃহস্পতিবাৰে সংযোজন ঘটিল আন এটা সংগঠনৰ। নাম হৈছে অসম ছাত্ৰ পৰিষদ। ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদে এই ছাত্ৰ সংগঠনটোৰ জন্ম দিয়ে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ৰাজ্যৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীক অসম ছাত্ৰ পৰিষদৰ শপত বাক্য পাঠ কৰোৱাই অগপৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰাই। এই অনুষ্ঠানত অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী প্ৰমুখ্যে আন আন নেতাসকল তথা কৰ্মীসকল উপস্থিত থাকে। ইফালে অসম ছাত্ৰ পৰিষদৰ সাংগঠনিক কাম-কাজ আগবঢ়াই নিবলৈ ইয়াতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ত্ৰিনয়ন বৰুৱাক সভাপতি হিচাপে লৈ এখন তদৰ্থ সমিতি গঠন কৰা হয়। শীঘ্ৰেই সংগঠনটোৰ জিলা আৰু আঞ্চলিক সমিতিসমূহ গঠন কৰা হ’ব বুলি সভাপতি অতুল বৰাই ঘোষণা কৰে।













