ASSAM TIMES POST
নগাঁও : কেন্দ্ৰীয় চৰকাৰে সংসদৰ আগন্তুক শীতকালিন অধিবেশনত উৎথাপনৰ প্ৰস্তুতি চলোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি সন্ধিয়া নগাঁও জিলা ছাত্ৰ সন্থাই জোঁৰ সমদল উলিয়াই প্ৰতিবাদেৰে উত্তাল কৰি তোলে নগাঁও চহৰ । কেইবা শতাধিক ছাত্ৰ ছাত্ৰী , নাগৰিকে হাতে হাতে জোঁৰ লৈ ৰাজপথত সমদল কৰি চৰকাৰ বিৰোধী শ্লোগান দিয়ে । প্ৰতিবাদকাৰী সকলে জাতিধ্বংসী নাগৰিকত্ব বিধেয়ক বাতিল কৰক , বিজেপি হায় হায় , নৰেন্দ্ৰ মোডী হায় হায় আদি ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে । কলংপাৰৰ নগাঁও জিলা ছাত্ৰ সন্হাৰ কাৰ্যালয়ৰ পৰা ওলোৱা প্ৰতিবাদী জোঁৰ সমদলটোৱে নগাঁও চহৰৰ ঢাকাইপট্টি , বৰবজাৰ , খৃষ্টানপট্টি , নতুনবজাৰ আদি স্হান পৰিভ্ৰমণ কৰে । সমদলত বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে ।













