ASSAM TIMES POST
ডিফু : ডিফুত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত সদৌ কাৰবি আংলং ছাত্ৰ সন্থাৰ উদ্যোগত একাধিক ছাত্ৰ আৰু সামাজিক সংগঠনে আজি সন্ধিয়া ডিফু চহৰৰ মাজেৰে বিৰুদ্ধে জোঁৰ সমদল উলিয়াই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
সংসদৰ চলিত শীতকালীন অধিবেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন আৰু গৃহিত হোৱাৰ আশংকাত সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া কাৰবি আংলঙতো বিগত কেইদিনৰ পৰা পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰিছ৷ বিধেয়কখনৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ সময়তে আজি আছুৰ উদ্যোগত আৰু কেএছএ, ডিএছএ, ডিফু লেখিকা সমাৰোহ, ডিফু সাহিত্য সভা ডিফু নামঘৰ আৰু মছজিদ সমিতিৰ প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোঁৰলৈ সমদল বাহিৰ কৰে ৷
প্ৰতিবাদ কাৰী সকলে বিজেপি মুৰ্দাবাদ, বাংলাদেশী গ’ বেক, সৰ্বানন্দ সোণোৱাল লেই লেই, ছেই ছেই, ধৰ্মৰ ৰাজনিতী বন্ধ কৰক, নাগৰিকত্ব সংশোধনী বিল বাতিল কৰক, আছু লং লীভ, কেএছএ লং লীভ আদি ধ্বনিৰে ডিফুৰ আকাশ বতাহ উত্তাল কৰি তোলে ৷ আছুৰ কাৰবি আংলং জিলাৰ সাধাৰণ সম্পাদক সৰ্জোণ হাঞ্চেই সাংবাদ মাধ্যমৰ আগত কয়যে, চৰকাৰে যিকোনো মূল্যত জাতি ধ্বংসী কেব বাতিল কৰিবই লাগিব৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লী চৰকাৰ কথত উঠা বহা নকৰি জাতি ৰক্ষাৰ সন্ধিক্ষণত প্ৰকৃত নায়কৰ পৰিচয় দিয়ক ৷অন্যথাই তেওঁ খলনায়কলৈ পৰিণত হব ৷













