![]()
বাহিৰলৈ ওলাই অহাৰ পথত পাঁচ বছৰীয়া (Five years old) প্ৰদীপক ঘেৰি ধৰে তিনিটা কুকুৰে(Street Dogs)। কুকুৰ দেখি ভয় খাই দৌৰিবলৈ ধৰৰে প্ৰদীপ।কিন্তু কুকুৰকেইটাও তেওঁৰ পিছ নেৰিলে। প্ৰথমে কুকুৰ এটাই তেওঁৰ কাপোৰ টানি ধৰে। প্ৰদীপে খেদিবলৈ চেষ্টা কৰে। কিন্তু ইতিমধ্যে আৰু দুটা কুকুৰ আহি প্ৰদীপৰ কাপোৰত ধৰি টানি লৈ যায়।

ফলত নিজক চম্ভালিব নোৱাৰি বাটত বাগৰি পৰে। ইয়াৰ পিছত প্ৰদীপৰ শৰীৰৰ বিভিন্ন অংশত ইটোৰ পিছত সিটোকৈ ওপৰা-ওপৰিকৈ কুকুৰকেইটাই কামুৰিবলৈ ধৰে। শিশুটিয়ে নিজকে বচাবলৈ চেষ্টা কৰে যদিও কুকুৰৰ দলটোৰ সৈতে মোকাবিলা কৰিব পৰা নাছিল। ফলত অতি কৰুণভাৱে থিতাতে তেওঁৰ মৃত্যু হয়। চিচি টিভি কেমেৰাত ধৰা পৰে এই ভয়ংকৰ দৃশ্য।
দেওবাৰে হায়দৰাবাদৰ (Hyderabad) আম্বাৰপেটত (Amberpet) সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, প্ৰদীপৰ পিতৃ গংগাধৰে আম্বাৰপেটৰ এটা বাসগৃহত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰে। দেওবাৰে পুত্ৰ প্ৰদীপক লগত লৈ কামলৈ যায়। তেতিয়াই এই ঘটনাটো সংঘটিত হয়। বাসগৃহৰ সন্মুখৰ ৰাস্তাত খোজকাঢ়ি গৈ আছিল প্ৰদীপ। তেওঁক দেখি তিনিটা কুকুৰ দৌৰি আহে।
কুকুৰকেইটা দেখি প্ৰদীপে দৌৰিবলৈ ধৰে। ঠিক তেতিয়াই কুকুৰ এটাই তেওঁৰ ওপৰত আক্ৰমণ চলায়। কুকুৰকেইটাক খেদি পঠিয়াবলৈ চেষ্টা কৰিছিল যদিও শিশু প্রদীপ বিফল হয়। অৱশেষত কুকুৰৰ আক্ৰমণত মৃত্যু (Killed in dog attack) হয়।
এজন প্ৰত্যক্ষদৰ্শীয়ে এই সন্দৰ্ভত কয়, “মই আৱাসগৃহৰ কাষৰ কলেজ এখনত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰো। দেওবাৰেও মই কলেজত আছিলো। হঠাৎ এটা শিশুৰ চিঞৰ শুনি বাহিৰলৈ ওলাই আহি দেখিলোঁ কিছুমান কুকুৰে শিশুটিক কামুৰিছে।
মই দৌৰি গৈ তেওঁক উদ্ধাৰ কৰিলোঁ।” শিশুটিক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে মৃত ঘোষণা কৰে। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে অঞ্চলটোত ক্ষোভ বিয়পি পৰে। নেটিজেনসকলেও ক্ষোভ প্ৰকাশ কৰে। এই ঘটনাত তাৎক্ষণিক প্ৰশাসনিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
অৱশ্যে এইটোৱে প্ৰথম নহয়, দেশৰ বিভিন্ন প্ৰান্তত কুকুৰৰ আক্ৰমণত শিশুৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছে। দুসপ্তাহমান পূৰ্বে গুজৰাটৰ চুৰাটত কুকুৰৰ আক্ৰমণত ৪ বছৰীয়া শিশুৰ মৃত্যু হৈছিল। চলিত বৰ্ষৰ জানুৱাৰী মাহত বিহাৰৰ আৰাত কুকুৰে কামোৰাৰ বাবে ৮০ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।











