ASSAM TIMES POST
গুৱাহাটী : গড়কাপ্তানি বিভাগ পথ আৰু অট্টালিকা নিৰ্মাণ শাখাৰ সৌজন্যত আজিৰপৰা দুদিনীয়াকৈ অত্যাধুনিক প্ৰযুক্তি তথা নিৰ্মাণ সামগ্ৰী সম্পৰ্কীয় প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ অনুষ্ঠিত কৰা হৈছে ৷গুৱাহাটী চহৰৰ মাজমজিয়াত অৱস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই প্ৰদৰ্শনীত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰো বহুসংখ্যক কোম্পানী,নি্ৰ্মাণ সংস্থা,নিৰ্মাণ উদ্যোগৰ লগত জড়িত প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰিছে৷এই প্ৰদৰ্শনীৰ লগত সংগতি ৰাখি ছয় খন আলোচনা চক্ৰ অনু্ষ্ঠিত হ’ব৷এই প্ৰদৰ্শনী তথা আলোচনা চক্ৰত মুখ্য অতিথি হিচাবে উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷সন্মানীয় অতিথি হিচাবে উপস্থিত আছিল অসম চৰকাৰৰ গড়কাপ্তানি,স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

দুদিনীয়া এই কাৰ্যসূচীৰ অংশ হিচাবে এখন স্মৰণিকা উন্মোচন কৰা হয়৷উন্মাোচন কৰে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷প্ৰদৰ্শনী দ্বাৰ মুকলি কৰিব মাননীয় বিত্ত ,স্বাস্থ্য তথা গড়কাপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্ৰৰ বিষয়বস্তুবোৰ সমসাময়িক সমস্যাৰ সমাধানৰ লগত জড়িত৷দেশৰ বিভিন্ন প্ৰান্তৰ অভিজ্ঞতাসম্পন্ন ব্যক্তিয়ে এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব৷ আধুনিক প্ৰযুক্তিৰে কেনে ধৰণেৰে পথ সুৰক্ষিত কৰিব পৰা যায়,আধুনিক নগৰ চহৰ বোৰক কেনেকৈ বিকল্প সংযোগী পথেৰে যানযঁটৰ পৰা মুক্ত কৰিব পাৰি,যিকোনো প্ৰকল্প নিৰ্মাণৰ সময়ত কেনেদৰে প্ৰজেক্ট মেনেজমেণ্টৰ নিয়মাৱলীয়ে সহায় কৰে বা কিয় এইবোৰ মানি চলা উচিত ,নগৰ -চহৰত প্ৰাকৃতিক ভাৱে থকা জলাশয়,নদী,হ্ৰদবোৰৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ জৰিয়তে প্ৰাকৃতিক ভাৰসাম্য অটুত ৰখাৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰা আদি সাম্প্ৰতিক সমাজ জীৱনৰ লগত জড়িত বিষয়সমূহ আলোচনাচক্ৰৰ মূল বিষয় হিচাবে বাচি লোৱা হৈছে। প্ৰায়

১২০ খন বিপণীয়ে অংশ লোৱা প্ৰদৰ্শনী খনত নিৰ্মাণ খণ্ডৰ লগত জড়িত বিভিন্ন ব্যক্তি তথা সংস্থাৰ প্ৰতিনিধিৰ উপৰিও গড়কাপ্তানি বিভাগৰ লগত জড়িত বিষয়া কৰ্মচাৰী ঠিকাদাৰ উদ্যোগী ব্যৱসায়ী আদিয়ে অংশ লয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ মূখ্য অতিথিৰ আসন অলংকৃত কৰি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ প্ৰাণকেন্দ্ৰ হিচাবে গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ এক থূলমূল আভাষ ডাঙি ধৰে। তদুপৰি মূখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ গড়কাপ্তানি বিভাগটোক ৮০কোটি জনসংখ্যাৰ আগত জাকত জিলিকা হৈ কাম কৰাৰ পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানটোত উপস্থিত থাকি স্বাস্থ্য, গড়কাপ্তানি আৰু বিত্ত বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযন্তা সকলক অধ্যয়নশীল হ’বলৈ আহ্বান জনোৱাৰ ওপৰিও আধুনিক প্ৰযুক্তি তথা উন্নত মানৰ সামগ্ৰীৰ প্ৰয়োগেৰে সমগ্ৰ নিৰ্মাণ খণ্ডক বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠত্বৰ শাৰীলৈ নিবলৈ আহ্বান জনায়। বিদেশৰ নিৰ্মাণ খণ্ডৰ ব্যৱ্হৃত সামগ্ৰী তথা প্ৰযুক্তি অসমতো প্ৰয়োগ কৰিব পৰাৰ পৰিৱেশ কেৱল গড়কাপ্তানি বিভাগৰ উচ্চশিক্ষিত অভিযন্তা সকলেহে ল’ব পাৰিব বুলি তেওঁ উল্লেখ কৰে। প্ৰতিখন আলোচনা চক্ৰত অভিযন্তা সকলক উপস্থিত থাকি মত বিনিময় বাধ্যতামূলক কৰাৰো পৰামৰ্শ তেওঁ প্ৰদান কৰে।













