![]()
চনী টিভিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুকিং ৰিয়েলিটি শ্ব’(reality show) মাষ্টাৰ চেফ ইণ্ডিয়াৰ(Master Chef India) সপ্তম সংস্কৰণত জিলিকিছে অসমৰ দুই সন্তান ক্ৰমে তিনিচুকীয়াৰ নয়নজ্যোতি শইকীয়া আৰু নগাঁৱৰ বোৱাৰী শান্তা শৰ্মা।

নিজা ৰন্ধন শৈলী তথা মাষ্টাৰ চেফৰ উক্ত শ্ব’টোত বুদ্ধিমত্তা আৰু ব্যতিক্ৰমী সোৱাদক বিচাৰকৰ ওচৰত লৈ যোৱাৰ বাবে শীৰ্ষ সাতটা স্থানত স্থান দখল কৰিবলৈ সক্ষম হৈছে নয়নজ্যোতি আৰু শান্তাই। তেওঁলোকৰ এই সফলতাত শেহতীয়াকৈ সমগ্ৰ অসমবাসী গৌৰৱান্বিত হৈ পৰিছে।

উল্লেখ্য যে, ফাইনেলৰ পূৰ্বে দুইগৰাকী অসম সন্তানে নিজ নিজ বাসগৃহত আপোন সকলৰ মাজলৈ মৰম আৰু আশীৰ্বাদৰ কামনা কৰি উভতি আহিছে। মাৰ্চ মাহৰ প্ৰথম সপ্তাহত অন্ত পৰিবলগীয়া এই শ্ব’টোৰ সমাপ্তিৰ কিছু দিন পূৰ্বে শান্তা আৰু নয়নজ্যোতিক নিজৰ কাষত পাই উৎসাহিত হৈ পৰিছে তেওঁলোকৰ পৰিয়ালবৰ্গও।

ইঞ্জিনীয়াৰিং উত্তীৰ্ণ নয়নজ্যোতি কুকিং ৰিয়েলিটি শ্ব’টোত অসমৰ থলুৱা বিভিন্ন ব্যঞ্জন তৈয়াৰ কৰি বিচাৰকৰ হৃদয় জয় কৰিছিল। আনহাতে, শান্তা শৰ্মা এগৰাকী বিবাহিতা মহিলা যিয়ে ৰন্ধনেৰে নিজৰ ভাগ্য নিৰ্ণয়ৰ উদ্দেশ্যৰে উক্ত শ্ব’টোত অংশগ্ৰহণ কৰিছিল। তেওঁ নিজৰ ৰন্ধনেৰে সকলোৰে মন জয় কৰি আহিছে।













