![]()
NIA ৰ তথ্যৰ ভিত্তিত নগাঁৱৰ ধিং আৰু বটদ্ৰৱা আৰক্ষীয়ে চলোৱা এক অভিযানত জেহাদীৰ লিংকৰ (jihadi’ links) উৎখাত হৈছে। এই অভিযানত আৰক্ষীয়ে পাকিস্তানলৈ ২০০ খন ই-ছিমৰ যোগান ধৰা ৫ জন অভিযুক্তক আটক কৰে।

উল্লেখ্য যে, ৫ জন অভিযুক্ত ক্ৰমে আছিকুল ইছলাম, বদৰুদ্দিন, মিজানুৰ ৰহমান, বাহাৰুল ইছলাম আৰু ৱাহিদুজ জামানক আটক কৰি নগাঁও সদৰ আৰক্ষী থানাত আৰক্ষীয়ে ইতিমধ্যে সোধ-পোছ আৰম্ভ কৰিছে। পাকিস্তানলৈ বহু অটিপি প্ৰেৰণ কৰাৰ তথ্য পাইছে এনআইএ য়ে।












