![]()
ফাকুৱাৰ আনন্দৰ মাজতে বোকাখাতত (Bokakhat ) এক অঘটন সংঘটিত হয় ৷ ধনশিৰি নদীত পৰি এজন ছাত্ৰই কৰুণ মৃত্যুক(child death in river) সাৱটি লোৱাৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷ জানিব পৰা অনুসৰি, বোকাখাতৰ ১ নং বহিখোৱা গাঁৱৰ হবৰাম দলে আৰু জিতুমনি দলেৰ কণিষ্ঠপুত্ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত নবীন চন্দ্ৰ দলে (১২) নামৰ ছাত্ৰজনে সমনীয়াৰ সৈতে ফাকুৱা খেলি ধনশিৰি নদীত গা-ধুবলৈ গৈছিল।
নদীত গা-ধুই থকা অৱস্থাত হঠাৎ দ-পানীত সোমাই অদৃশ্য হৈ পৰে কণমানিটো ৷ লগৰ সমনীয়াই সেই দৃশ্য দেখি ভয়ত নদীৰ পৰা উঠি পলায়ন কৰে ৷ ইফালে, নদীত নাৱেৰে আহি থকা এজন লোকে ছাত্ৰজনক পাৰলৈ উঠাই পৰিযালৰ লোকক খবৰ দিয়ে ৷ পৰিয়ালৰ লোকে বোকাখাত চিকিৎসালয় ভৰ্তি কৰে যদিও চিকিৎসকে নবীনক মৃত ঘোষণা কৰে ৷














