![]()
জিতেন বৰকটকী,নগাঁও : নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ( Brahmin Samaj)নৱনিৰ্বাচিত সদস্য সকলৰ প্ৰথমখন কাৰিকৰী সভা আজি সমাজৰ পাঠৰী চকৰী আঞ্চলিকৰ ব্যৱস্হাপনাত চকৰিগাঁও নামঘৰত অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি নৰেন শৰ্মাই ।

আনহাতে পুৱা ১১ বজাত নৰেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ কাৰ্যকৰী সভাত সমাজৰ সাংগঠনিক দিশকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। সভাত পঞ্চাশ বছৰত খোজ পেলোৱা নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ লগতে সামৰণি অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ ক্ষেত্রত ব্ৰাহ্মণ সমাজৰ বিভিন্ন আঞ্চলিক সমিতি আৰু জিলা সমিতিৰ বিষয়ববীয়াৰ মতামত গ্ৰহণ কৰা হয়।
নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সাধাৰণ সম্পাদক দ্বিজেন গোস্বামীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ মুখ্য উপদেষ্টা ৰবীন্দ্ৰ নাথ শৰ্মা, কাৰ্যকৰী সভাপতি বেদানন্দ ভাগৱতী, জিলা যাজক সমিতিৰ সভাপতি তোষেশ্বৰ দেৱ শৰ্মা, কলিয়াবৰ আঞ্চলিক সমিতিৰ সভাপতি সভাপতি ৰেবকান্ত শৰ্মা, হাতীচুং আঞ্চলিক সমিতিৰ সভাপতি ত্ৰৈলোক্য ভট্টাচাৰ্য, জিলা সমিতিৰ প্ৰচাৰ সম্পাদক দ্বয় সাংবাদিক জিতেন বৰকটকী আৰু তপন কটকী, সমাজকৰ্মী জিতেন শৰ্মা, নগাঁও জিলা মহিলা ব্ৰাহ্মণ উপ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী গুণদা গোস্বামী, সম্পাদিকা বৈজয়ন্তী খাউণ্ড প্ৰমুখ্য ব্যক্তিসকলে নগাঁও জিলা ব্ৰাহ্মণ সমাজক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰি বক্তৃতা প্ৰদান কৰে ।স্বৰ্ণ দেৱীয়ে পৰিবেশন কৰা মংগলাচৰণেৰে আৰম্ভ হোৱা কাৰ্যকৰী সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।













