![]()
নগাঁও চহৰৰ মাজ মজিয়াৰ এম জি ৰোডত থকা চিত্ৰ আৰু শিল্প কলাৰ অগ্ৰণী অনুষ্ঠান আৰ্ট ভিলেজত(Art Village) তিনিদিনীয়াকৈ অনুষ্ঠিত কুঁহিলা শিল্পৰ কৰ্মশালাৰ আজি সামৰণি পৰে । নগাঁও আৰ্ট ভিলেজৰ উদ্যোগত আয়োজিত এই কৰ্মশালাত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে (Superintendent of police leena doley)আৰু নগাঁৱৰ সহকাৰী আয়ুক্ত জেবিন গুলনাৰে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

আৰক্ষী অধীক্ষক দলেয়ে অসমৰ পৰা প্ৰায় বিলুপ্ত হ’ব ধৰা কুঁহিলা শিল্পক পুনৰ নৱপ্ৰজন্মৰ মাজলৈ অনাৰ বাবে নগাঁও আৰ্ট ভিলেজৰ সচিব বিশিষ্ট চিত্ৰশিল্পী সুজিত দাসৰ প্ৰয়াসক প্ৰশংসা কৰে।
কৰ্মশালাৰ প্ৰশিক্ষক ধুবুৰীৰ কুঁহিলা শিল্পী দুলাল মালাকাৰক আৰ্ট ভিলেজৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । কৰ্মশালাত প্ৰায় চল্লিশ গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লয়। আনহাতে বিশিষ্ট কুঁহিলা শিল্পী দুলাল মালাকাৰে
কুঁহিলা শিল্প সম্পৰ্কত কয় যে কুঁহিলা শিল্পক মূলত: দুটা ভাগত ভগাব পাৰি। কাৰুশিল্প আৰু চিত্ৰশিল্প। সাধাৰণতে মালাকাৰসকল এই কৰ্মৰ সৈতে জড়িত। কুঁহিলাৰে মুখা,পটচিত্ৰ, পুতলা নাচৰ মুখ, হাত,ভৰি বিভিন্ন পুতলা লোকচিত্ৰ,কদমফুল,মালা আদি প্ৰস্তুত কৰা হয়। এই প্ৰশিক্ষণৰ জৰিয়তে আগন্ত্তক দিনত প্ৰশিক্ষাৰ্থী সকল আৰ্থিক ভাৱে লাভাৱান্বিত হব পাৰিব বুলিও শিল্পী মালাকাৰে মত ব্যক্ত কৰে।
সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰা হয়। কৰ্মশালাত অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তি, প্ৰশিক্ষক, প্ৰশিক্ষিৰ্থী আৰু শিল্পানুৰাগী লোকসকলক আৰ্ট ভালেজৰ সচিব শিল্পী সুজিৎ দাসে কৃতজ্ঞ জ্ঞাপন কৰে। আনহাতে নগাঁৱত পুনৰ কুঁহিলা শিল্পৰ কৰ্মশালা অনুষ্ঠিত কৰাত আৰ্ট ভিলেজে উদ্যোগ লব বুলিও সচিব গৰাকীয়ে জানিবলৈ দিয়ে ।













