![]()
ৰাজ্যত ৮০ হাজাৰ আৰক্ষী থকাৰ পিছতো পলায়ন (Escape) কৰিলে খালিস্তানী নেতা অমৃতপাল সিঙে (Khalistani leader Amritpal Singh)? আৰক্ষীয়ে কি কৰি আছিল? খালিস্তানী নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে (Punjab and Haryana High Court) ৰাজ্যৰ আৰক্ষী (Police)ক প্ৰশ্ন কৰে।
‘ৱাৰিছ পঞ্জাব দে’ৰ নেতা অমৃতপাল পলাতক। পঞ্জাব আৰক্ষীয়ে তেওঁক বিচাৰিছে। তাৰ মাজতে আদালতে প্ৰশ্ন উত্থাপন কৰে যে ইমান নিৰাপত্তাৰ মাজতো খালিস্তানী নেতাগৰাকী কেনেকৈ পলায়ন কৰিবলৈ সক্ষম হʼল। কেৱল সেয়াই নহয়, আদালতে এইটোও উল্লেখ কৰে যে সেয়া ৰাজ্যিক আৰক্ষীৰ ব্যৰ্থতা। অমৃতপালক গ্ৰেপ্তাৰ কৰিবলৈ লোৱা পদক্ষেপ, এই অভিযান কিমান আগবাঢ়িছে সেই সন্দৰ্ভতো ৰাজ্যক তথ্য বিচাৰিছে আদালতে।

পঞ্জাব আৰক্ষীয়ে বুধবাৰে আদালতত জনোৱা মতে, অমৃতপালক গ্ৰেপ্তাৰ কৰিবলৈ শনিবাৰৰ পৰা তালাচী অব্যাহত আছে। ইতিমধ্যে তেওঁৰ ১২০ জন সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে। অমৃতপালৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ ৰুজু হোৱা বুলিও ৰাজ্যৰ আৰক্ষীয়ে আদালতত জনায়। আৰক্ষীৰ এই দাবী শুনানিৰ পাছত আদালতে প্রশ্ন উত্থাপন কৰে যে অমৃতসৰত অনুষ্ঠিত হোৱা জি-২০ সন্মিলন উপলক্ষে কটকটীয়া নিৰাপত্তা ব্যৱস্থা আছে৷ কিন্তু তাৰ পিছত নিৰাপত্তাৰ বাধাৰ নেওচি কেনেকৈ পলাই গʼল খালিস্তানী নেতাজন?
পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইত যোগদান কৰি আত্মঘাতী দল গঠন কৰাৰ অভিযোগ উত্থাপন হৈছে অমৃতপালৰ ওপৰত। এইজন খালিস্তানী নেতাকেই গ্ৰেপ্তাৰৰ বাবে প্ৰস্তুতি চলোৱাত সতৰ্ক হৈ পৰে। কেৱল সেয়াই নহয়, শনিবাৰে জলন্ধৰত তেওঁৰ গাড়ীৰ কনভয়ক ৰখাবলৈ চেষ্টা কৰিছিল আৰক্ষীয়ে। কিন্তু আৰক্ষীৰ চকুত ধূলি মাৰি মটৰবাইকেৰে খুন্দা মাৰি পলায়ন কৰে। বিগত কেইবছৰমানৰ পৰা পঞ্জাবত সক্ৰিয় হৈ আছে অমৃতপাল। অনুৰাগীৰ বাবে তেওঁ ‘ভিন্দ্ৰনৱালে ২.০’ নামেৰে জনা যায়। এমাহ পূৰ্বে অমৃতপালে আজনালাৰ থানাত আক্ৰমণ চলাই নিজৰ সংগীসকলক উদ্ধাৰ কৰিছিল। সেই ঘটনাত আহত হৈছিল ৬ জন আৰক্ষী।










