![]()
খালিস্তানী নেতা অমৃতপাল সিঙৰ (Khalistani leader Amritpal Singh) সহযোগী দলজিৎ কালছিৰ (Associate Daljit Kalsi) ঘনিষ্ঠৰ যোগাযোগ (Close contact) আছিল পাকিস্তানৰ প্ৰাক্তন সেনাপ্ৰধান কামাৰ জাভেদ বাজৱাৰ পুত্ৰৰ (Javed Bajwa’s son) সৈতে। অভিযোগ অনুসৰি, তেওঁ অমৃতপালক আৰ্থিকভাৱে সহায় কৰিছিল। এই কথা চোৰাংচোৱা সূত্ৰৰ দাবী।

চোৰাংচোৱা সূত্ৰৰ মতে, দলজিতে আগতে ডুবাইৰ এটা কোম্পানীত কাম কৰিছিল। এই কোম্পানীটোৰ মালিক পাকিস্তান সেনাধ্যক্ষৰ প্ৰাক্তন মুৰব্বী সাদ বাজৱা। চোৰাংচোৱা বিষয়াৰ মতে, বিগত ২ মাহ ধৰি দলজিত ডুবাইত আছে। কেৱল সেয়াই নহয়, খালিস্তানী উগ্ৰপন্থী লাণ্ডা হৰিকেই দলজিতক ডুবাইত থকাৰ ব্যৱস্থা কৰিলে। চোৰাংচোৱাৰো একে খবৰ।চোৰাংচোৱাৰ এক সূত্ৰৰ মতে, দলজিতৰ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আই (Pakistan ISI)ৰ সৈতেও ওতপ্ৰোত সম্পৰ্ক আছিল।
তাৰ প্ৰমাণ ইতিমধ্যে পোৱা গৈছে। ফলত অমৃতপালৰ সৈতে পাকিস্তানৰ সম্পৰ্কৰ তত্ত্ব পোহৰলৈ অহাটো অধিক শক্তিশালী হৈ পৰিছে বুলি সূত্ৰসমূহে প্ৰকাশ কৰিছে। চোৰাংচোৱা সূত্ৰ অনুসৰি, দলজিতৰ বাম্বিয়া গেঙৰ লগতো ওতপ্ৰোত সম্পৰ্ক আছে। ইয়াৰ উপৰি অমৃতপালৰ এই বন্ধু গেংষ্টাৰ নীৰজ বাৱানিয়াৰো ঘনিষ্ঠ বন্ধু।দলজিতৰ বিষয়ে অধিক চাঞ্চল্যকৰ তথ্য লাভ কৰিলে চোৰাংচোৱাই। তেওঁলোকে দাবী কৰে যে দলজিতৰ দিল্লীতো কাৰ্যালয় আছে। তেওঁ ফিল্ম আৰু মডেলিং এজেণ্ট হিচাপে কাম কৰে। দলজিত অমৃতপালৰ ঘনিষ্ঠ বন্ধু।










