![]()
চুৰাট আদালতৰ (Surat Court) ৰায়ক প্ৰত্যাহ্বান জনাই সোমবাৰে আদালতলৈ গৈছে ৰাহুল গান্ধী (Rahul Gandhi)। আনহাতে, গেৰুৱা শিবিৰে তেওঁৰ এই সিদ্ধান্তক শিশুসুলভ বুলি সমালোচনা কৰে। উল্লেখ্য, এই ঘটনাৰ আৰম্ভণি হৈছিল ২০১৯ চনত ৰাহুলে কৰা এটা মন্তব্যৰ পৰা। মোডী (Modi) উপাধিক লৈ এটা মন্তব্য ৰাহুলৰ। যাৰ বাবে ২০২৩ চনত চুৰাটৰ আদালতে মানহানিৰ গোচৰতI(Defamation Case) ৰাহুলক দোষী সাব্যস্ত কৰে।

আদালতৰ ৰায়ত তেওঁক ২ বছৰৰ কাৰাদণ্ড বিহা হয়। কিন্তু তাৰ আগতে জামিনৰ বাবে সময় দিয়া হয়। ইফালে ৰাহুলে চুৰাট আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই আদালতলৈ যোৱাৰ পূৰ্বে তেওঁৰ সাংসদ পদ নাকচ কৰা হয়। এনে পৰিস্থিতিত সোমবাৰে ৰাহুল গান্ধীয়ে চুৰাট আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই আদালতলৈ গৈছে।
মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱা আৰু দুবছৰৰ কাৰাদণ্ডৰ ৰায়ক প্ৰত্যাহ্বান জনাই আজি গুজৰাটৰ আদালতত হাজিৰ হʼব। সূত্ৰ অনুসৰি, ৰাহুলে আদালতৰ ৰায়ৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ বিচাৰিব। ৰাহুলৰ হৈ আদালতত আবেদন কৰিব জ্যেষ্ঠ অধিবক্তা আৰ এছ চিমাই।
ৰাহুলৰ লগত ভগ্নী প্ৰিয়ংকা গান্ধী, কংগ্ৰেছশাসিত তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, অশোক গেহলট আৰু সুখবিন্দৰ সিং সুখুও উপস্থিত থাকিব। ইফালে ৰাহুলৰ আদালতলৈ যোৱাটোক শিশুসুলভ বুলি অভিহিত কৰে গেৰুৱা শিবিৰে। এই প্ৰসংগত কিৰেন ৰিজিজুৱেও এটা টুইট কৰে।










