ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই আজি শুভ উদ্ধোধন কৰিলে ডিফুত ঐতিহাসিক ডিফু চিকিৎসা মহাবিদ্যালয়ৰ বহিঃৰ্বিভাগৰ কাম

ASSAM TIMES POST by ASSAM TIMES POST
November 27, 2019
Reading Time: 1 min read
A A
0

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST 

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

ডিফুঃ বহু প্ৰতিক্ষাৰ অন্তত বুধবাৰে শুভাৰম্ভ হ’ল ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বহিঃৰ্বিভাগৰ কাম৷ ঐতিহাসিক ক্ষণটোৰ সাক্ষী হৈ ৰ’ল দিনে- নিশা হাড়-ভগা শ্ৰম কৰা শ্ৰমিক , ঠিকাদাৰ, উপ ঠিকাদাৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষ ৷ ইয়াৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিৰ অশেষ প্ৰচেষ্টাত পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত গঢ়ি উঠিল চিকিৎসা মহা বিদ্যালয়খন ৷

আজি কাৰ্বি পাহাৰৰ স্বাস্থ্যখণ্ডত নতুন এটা দিনৰ সূচনা কৰি ডিফু চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হ’ল বহিঃবিভাগৰ চিকিৎসা সেৱা৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ অনুপস্থিতিত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই মুকলি কৰিলে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ বহিঃবিভাগ। উল্লেখ্য যে স্বাস্থ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰাৰ কথা আছিল।

WhatsApp Image 2019 11 28 at 9.22.12 AM | ASSAM TIMES POST

কিন্তু তেওঁৰ অনুপস্থিতিত মন্ত্ৰী পীযুষ হাজৰিকাই মুকলি কৰে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ বহিঃবিভাগটো। মন্ত্ৰী গৰাকীয়ে লগতে মুকলি কৰে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ মূল পথ আৰু মূল ত্বোৰণ।একেদৰে মন্ত্ৰী গৰাকীয়ে ডিফু নদীৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পও মুকলি কৰে। ইয়াৰ লগতে এছ অ পি ডি’ৰ ২২ কোটি ৬০ লাখ টকাৰ আঁচনিখনৰো আধাশিলা স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে।

মন্ত্ৰী গৰাকীক সংগ দিয়ে কাৰ্বি আলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাং লগতে জিলাখনৰ দুগৰাকীকৈ বিধায়ক আৰু পৰিষদৰ পাৰিষদ সকলে। আজিৰ দিনটো অসমৰ বাবে এক শুভ দিন বুলি অভিহিত কৰি অহা শিক্ষাবৰ্ষৰ পৰা ডিফু চিকিৎসা মহাবিদ্যালয়ত ছাত্ৰছাত্ৰীয়ে চিকিৎসা বিজ্ঞান পঢ়াৰ সুবিধা পাব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে৷

অসমৰ ভিতৰত ভৌগলিক পৰিসীমাৰ আটাইতকৈ বৃহৎ পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুৰ ন্যায়িক আদালতৰ কাষৰ এক বৃহত এলেকাত গঢ়ি উঠিছে পাৰ্বত্য জিলাবাসীৰ বহু আকাংখিত ঐতিহাসিক চিকিৎসা মহাবিদ্যালয় খন ৷ অসম চৰকাৰ বিত্ত আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ঐকান্তিক প্ৰচেষ্ঠাত বহু বাধা- বিঘিনিৰ পিছতো সেউজী পাহাৰৰ নান্দনিক প্ৰাকৃতিক পৰিবেশৰ শোভা বৰ্ধন কৰি অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় তথা গৱেষণা কেন্দ্ৰটিয়ে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ৰূপে সম্পূৰ্ণ হবলৈ সক্ষম হৈছে ৷

কাইলৈৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় খনৰ বহিঃৰ্বিভাগৰ কাম কাজ আৰম্ভ হ’ব যদিও এখন পূৰ্ণাংগ পৰ্যায়ৰ চিকিৎসা মহাবিদ্যালয় পাবলৈ পাহাৰীয়া ৰাইজে আৰু কিছু সময় অপেক্ষা কৰিব লাগিব ৷বাকী থকা কাম সমূহ পৰ্যায় ক্ৰমে সমাপন কৰা হব বুলি কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে ৷ চিকিৎসা মহাবিদ্যালয় খনৰ ৮০% শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷

WhatsApp Image 2019 11 28 at 9.23.59 AM | ASSAM TIMES POST

২০১১ ইং বৰ্ষৰ ১৯ জানুৱাৰীত তদানীন্তন ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা মহাবিদ্যালয় খনৰ আধাৰশিলা স্থাপন কৰাৰ পিছত ২০১২ বৰ্ষৰ পৰা ব্ৰক্ষ্মপুত্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড নামৰ নিৰ্মাণ কোম্পানীৰ তত্বাৱধনাত চিকিৎসা মহাবিদ্যালয় খনৰ কাম-কাজ আৰম্ভ হৈ বৰ্তমান ৩০০ খন বিছনাৰ সুবিধাযুক্ত চিকিৎসা মহাবিদ্যালয় ৰূপে গঢ়ি উঠিছে ৷

আনহাতে ডিফু অসামৰিক চিকিৎসালয়খন ডিফু চিকিৎসা মহাবিদ্যালয়লৈ উন্নীতকৰণ কৰা হৈছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে ৷ জানিব পৰামতে আৰম্ভনিতে বহিঃৰ্বিভাগত চিকিৎসা মহাবিদ্যালয় খনত ২৪৭ এম্বুলেন্স আৰু জৰুৰী সেৱাৰ লগতে ঔষধ বিভাগৰ পৰা আৰম্ভ কৰি ক্ৰমে, শল্য, প্ৰসূতি, শিশু ৰোগ, অস্থি, অংগ সংবাহন, চকু, ইএনটি,মনোৰোগ, চৰ্ম আৰু দন্ত বিভাগৰ চিকিৎসা সেৱাৰ বাবে ৰোগী সকলক পৰামৰ্শ আগবঢ়োৱা হব ৷

ইয়াৰোপৰি চিকিৎসা মহাবিদ্যালয় খনৰ পুৰণি ব্লক ডিফু অসামৰিক চিকিৎসালয়ত ২৪৭ জৰুৰী সেৱা, সকলো সেৱাৰ অ’টি, এক্সৰে, আল্ট্ৰা ছন’গ্ৰাফী, লেবেৰটৰী সেৱা আৰু ২৪*৭ এম্বুলেন্স সেৱা লগতে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ নতুন ভৱনত এক্সৰে, আল্ট্ৰা ছন’গ্ৰাফী, ফাৰ্মেচী , নমুনা সংগ্ৰহ আদিৰ সুব্যৱস্থা থাকিব ৷

ৰোগী সকলৰ চিকিৎসাৰ উৎকৃষ্ট সেৱাৰ বাবে ৪৪ গৰাকী জ্যেষ্ঠ আৰু কণিষ্ঠ চিকিৎসককে ধৰি প্ৰায় ৫৮ গৰাকী ফেকাল্টিৰ লগতে ২০৫ গৰাকী নাৰ্চ আৰু ৮৭ গৰাকী তৃতীয় বৰ্গৰ কৰ্মাচাৰী নিয়োগ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি ডিফু চিকিৎসা মহাবিদ্যালয় খনত ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত অচিৰেই কেঞ্চাৰ কেয়াৰ ইনষ্টিটিউটৰ কামো আৰম্ভ কৰা হ’ব ৷

উল্লেখযোগ্য যে, ডিফু চিকিৎসা মহাবিদ্যালয়খন সম্পূৰ্ণ ৰূপে হৈ উঠিলে তিনি পাৰ্বত্য জিলা ক্ৰমে, কাৰবি আংলঙ পূব আৰু পশ্চিম, ডিমা হাছাও লগতে নিকটৱৰ্তী জিলা সমূহৰ ৰোগী সকলো যথেষ্ট উপকৃত হ’ব৷ আনহাতে ডিফু চিকিৎসা মহাবিদ্যালয় খনত স্থানীয় প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ক্ষেত্ৰত চৰকাৰে বৈষম্য কৰিছে বুলি অভিযোগ উত্থাপন কৰি একাংশ দল- সংগঠনে যোৱা কেইদিন ধৰি সংবাদমেল আৰু প্ৰতিবাদৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
ADVERTISEMENT
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx