![]()
শক্তিপীঠ মা কামাখ্যা মন্দিৰত (Kamakhya Mandir) দৰ্শন কৰি বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি জিণ্টাই (preity Zinta) ব্যক্ত কৰিলে নিজ অভিজ্ঞতা। মা কামাখ্যাৰ এটি ভিডিঅ’ ছ’চিয়েল মিডিয়া যোগে শ্বেয়াৰ কৰি তেখেতে মা কামাখ্যাৰ শক্তি, মন্দিৰৰ পবিত্ৰতা ইত্যাদিৰ বিষয়ে প্ৰকাশ কৰে।

গুৱাহাটী ভ্ৰমণৰ বাবে অহা সকলো ব্যক্তিয়ে মা কামাখ্যা মন্দিৰলৈ নাহিলে তেখেত সকলৰ ভ্ৰমণ কাৰ্যসূচী এক প্ৰকাৰ অসাৰ্থক হৈ পৰে। সেয়া বলীউডেই হওক অথবা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আন কোনো ব্যক্তিয়ে হওক। প্ৰীতি জিণ্টাই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখে যে, “মোৰ গুৱাহাটীলৈ অহা এটা বিশেষ কাৰণ বিখ্যাত কামাখ্যা দেৱী মন্দিৰ দৰ্শন কৰা আছিল।
আমাৰ বিমানখন কেইবা ঘণ্টা ধৰি পলম হৈছিল আৰু মই গোটেই ৰাতি সাৰ পাই আছিলো। কিন্তু যেতিয়া মই মাৰ ওচৰলৈ আহিলোঁ মোৰ সকলো ভাগৰ দূৰ হ’ল আৰু প্ৰশান্তি লভিলোঁ।”অভিনেত্ৰী গৰাকীয়ে শেষত সকলোকে কামাখ্যা মন্দিৰলৈ আহিবলৈ আহ্বানো জনায়।













