![]()
অহা ১৪ এপ্ৰিল তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Modi)অসম ভ্ৰমণ(Assam Visit) সন্দৰ্ভত জনাবলৈ আজি জনতা ভৱনত ড° হিমন্ত বিশ্ব শৰ্মাই (Himanta Bishwa Sarma) এখনি সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে জনোৱা মতে, অহা ১৪ এপ্ৰিল তাৰিখে এদিনীয়া কাৰ্যসূচী লৈ অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী দিনৰ ১১ বাজি ৩০ মিনিটত গুৱাহাটীত উপস্থিত হৈ প্ৰথমে IIT আৰু পিছলৈ AAIMS পৰিদৰ্শন কৰিব। ১,১২৩ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত AAIMS ৰ কাম ইতিমধ্যে ৮৫ শতাংশ সমাপ্ত হোৱাৰ লগতে প্ৰতিবছৰে ইয়াত ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে AAIMS উদ্বোধন কৰাৰ লগতে তাৰ পৰাই নগাঁও, কোকৰাঝাৰ আৰু নলবাৰী মেডিকেল কলেজ মুকলি কৰিব। আনহাতে, প্ৰধানমন্ত্ৰীয়ে “আয়ুষ্মান ভাৰত” আৰু “মুখ্যমন্ত্ৰী আয়ুষ্মান অসম আঁচনি” অনুসৰি ১ কোটি ১০ লাখ মানুহৰ বাবে কাৰ্ড মুকলি কৰি প্ৰতীকী ৰূপত বিতৰণ কৰিব।ইয়াৰ সমান্তৰালৈ, প্ৰধানমন্ত্ৰীয়ে AAIMSৰ পৰাই IIT গুৱাহাটী আৰু অসম চৰকাৰৰ মাজত হোৱা বুজাবুজিৰ সিদ্ধান্ত মৰ্মে নিমাৰ্ণ কৰিবলগীয়া আৰ্হি নামৰ ইনষ্টিটিউটখনৰ শুভাৰম্ভ কৰা হ’ব।
ইয়াৰ পৰৱৰ্তী সময়ত, ১ বাজি ৪৫ মিনিটত গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত সামৰণি অনুষ্ঠানত উপস্থিত থাকিব লগতে কইনাধৰাত জিৰণি ল’ব। পিছলৈ, সৰুসজাইত উপস্থিত থাকি “মেগা বিহু” ৰ শুভ উদ্বোধন কৰিব। সৰুসজাইৰ পৰাই তেখেৰে মিথানেল প্ৰকল্পৰ শুভাৰম্ভণি কৰিব। মন কৰিবলগীয়া যে, এই প্ৰকল্পত ৫১ শতাংশ অসম চৰকাৰৰ আৰু অইলৰ ৪৯ শতাংশ বিনিয়োগ থাকিব। ইয়াৰ লগতে, প্ৰধানমন্ত্ৰীয়ে ১০০ কোটি টকা ব্যয়েৰে ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে লোৱা আঁচনিও শুভাৰম্ভ কৰিব। দুয়োটা কাৰ্যসূচীৰ পিছত ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন হ’বলগীয়া পলাশবাৰী-শুৱালকুছি সংযোগী উৰণীয়া সেতুৰ কামৰ আধাৰশিলা স্থাপন কৰিব।













