ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Rongali Bihu I হেঁপাহৰ গৰু বিহুৰে আৰম্ভ হ’ল ৰঙালী বিহু

কামৰুল খান :

ASSAM TIMES POST by ASSAM TIMES POST
April 14, 2023
Reading Time: 1 min read
A A
0
Rongali Bihu I হেঁপাহৰ গৰু বিহুৰে আৰম্ভ হ’ল ৰঙালী বিহু

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

আজিৰে পৰা আৰম্ভ হৈছে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু (Rongali Bihu)। অসমৰ বাপতি সাহোন এই ৰঙালী বা ব’হাগ বিহুৰ বাবে এতিয়া ৰাজ্যবাসীৰ গা থৌকি-বাথৌ । স্মৰণাতীত কালৰে পৰা অসমবাসী তথা অসমীয়াই পৰম্পৰাগত নীতি-নিয়মেৰে পালন কৰি আহিছে ৰঙালী বিহু । বিশেষকৈ কৃষিপ্ৰধান অসমৰ চহা প্ৰাণৰ হেঁপাহৰ উৎসৱ হৈছে এই ৰঙালী বিহু ।

ৰঙালী বিহু
আৰম্ভ হ’ল ৰঙালী বিহু:

চহা কৃষকে কৃষিকাৰ্যলৈ আগবঢ়াৰ পূৰ্বে এই উৎসৱ আয়োজন কৰি নিজৰ তন-মন সতেজ কৰি ল’ব বিচাৰে । আনহাতে, ব’হাগ হৈছে অসমীয়া কেলেণ্ডাৰৰ প্ৰথমটো মাহ । অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ আৰম্ভণি মাহ হৈছে এই ব’হাগ মাহ । সেয়ে নতুন বছৰৰ আদৰণি উৎসৱো ইয়াৰ এক বিশেষত্ব । এই ব’হাগ মাহৰ আছে বহু বিশেষত্ব । ব’হাগৰ হাত ধৰিয়েই গছ-বন-লতিকাত কুঁহিপাতৰ আৱৰণে সেউজ ৰং ধাৰণ কৰে ।

bfldhyfpzfoedtga 1586790363 e1681478954725 | ASSAM TIMES POSTবৰ্ষা ঋতুৰ আগমনৰ বতৰা দিয়ে । সৃষ্টি আৰু কৃষ্টিৰ সুবাসত মতলীয়া এই ব’হাগ । প্ৰেমৰ বতৰ ব’হাগ আৰু অংকুৰিত বীজৰ সপোনৰ বতৰা এই ব’হাগ । সেয়ে হয়তো ভূপেনদাই কৈছিল, “ব’হাগ মাথোঁ এচা ঋতু নহয়, নহয় এটি মাহ; অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ শাহ।”

Bihu | ASSAM TIMES POSTহয় অসমীয়া জাতীয় জীৱনৰ এক অন্যতম লোককৃষ্টি ব’হাগ বিহু বা ৰঙালী বিহু । চ’তৰ শেষৰ দিনাৰ পৰা আৰম্ভ হৈ সাতদিন ধৰি চলা এই ৰঙালী বিহুৰ আছে প্ৰতিটো দিনৰে বিশেষ বিশেষ তাৎপৰ্য । লগতে আছে প্ৰতিটো দিনৰে গুৰুত্ব । পৰম্পৰাগতভাৱে পালন কৰা এই সাতবিহুৰ কিন্তু বিশেষ কিছু বৈজ্ঞানিক ভিত্তিও নথকা নহয় । কিন্তু সময়ৰ সোঁতত ৰঙালী বিহুৰো পৰম্পৰা বহুখিনি সলনি হৈ আহিছে ।

bihudance | ASSAM TIMES POSTৰঙালী বিহুৰ আন এক মুখ্য বৈশিষ্ট্য হৈছে হুঁচৰি আৰু বিহুনাচ । অৱশ্যে আৰম্ভণিৰ পথাৰৰ আঁহতৰ তলৰ বিহু আহি বৰ্তমান মঞ্চত উঠিছে । সময়ৰ লগে লগে বিবৰ্তন অৱধাৰিত যদিও সোময়ৰ সোঁতত যাতে আমাৰ স্বকীয় পৰম্পৰা একেবাৰে বিলুপ্ত হৈ নাযায় তাৰবাবেও আমি সচেতন হ’ব লাগিব । আন এক কথা হৈছে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত এই ৰঙালী বিহু পালনৰ পৰম্পৰা ভিন্ন ।

ব’হাগ মাহতে পালন হ’লেও প্ৰতিটো জাতি-জনগোষ্ঠীৰে ইয়াৰ পালনৰ পৰম্পৰা সুকীয়া । কিন্তু ভিন্নতাৰ মাজতো একতাৰ এক সুন্দৰ নিদৰ্শন ফুটি ওলায় এই ৰঙৰ উৎসৱ ৰঙালী বিহুত । সেয়ে আজিও আমাৰ একেটাই আহ্বান- ব’হাগৰ প্ৰেম আৰু ভাতৃত্ববোধেৰে ৰঙীয়াল হৈ ৰঙালী বিহুৰ মাদকতা চৌদিশে ছটিয়াই দিওঁ আহক । যাৰ পৰশ পাই ফুলি উঠক আমাৰ মনৰ ভিন্নৰঙী ফুলনিডৰা, য’ত সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বীয়ে একেলগে একেখন সমাজৰ সুবাসেৰে সুবাসিত হৈ থাকিব । সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ।

Tags: Rongali Bihuআৰম্ভ হ'ল ৰঙালী বিহুহেঁপাহৰ গৰু বিহুৰে
Share4Tweet3Send

Related Posts

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
ADVERTISEMENT
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026
50
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
50
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন
National-International

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ৰে’লৱেৰ ১০০০ হেক্টৰোধিক ভূমি বেদখল

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx