![]()
বৰ্তমান মাতৃৰ লগত। হয়তো তাৰ পিছত আন কʼৰবাত। যোৱা দুটা দশক ধৰি ৰাহুল গান্ধীৰ (Rahul Gandhi) ঠিকনা আছিল দিল্লীৰ ১২ নং টুগলক লেনত থকা চৰকাৰী বাংলো। শুকুৰবাৰে সেই বাংলোৰ পৰা ৰাহুল গান্ধীয়ে নিজৰ সামগ্ৰী স্থানান্তৰ কৰিবলৈ আৰম্ভ কৰে। অপৰাধমূলক মানহানি গোচৰত তেওঁৰ দুবছৰীয়া কাৰাদণ্ডৰ বিৰুদ্ধে ছেছন আদালতৰ ৰায়দানলৈ অপেক্ষা নকৰাকৈয়ে।
কংগ্ৰেছ নেতৃত্বৰ মতে, দণ্ডাধীশ আদালতৰ বিৰুদ্ধে গোচৰৰ ৰায়দান অহা ২০ এপ্ৰিলত ঘোষণা কৰা হʼব। চৰকাৰী বাংলো খালী কৰিবলৈ ২২ এপ্ৰিললৈকে সময় আছে। ২০ এপ্ৰিললৈ অপেক্ষা কৰিব নিবিচাৰিলে ৰাহুলে। ৰাহুলৰ স্থিতি হʼল যে যদি ছেছন আদালত বা গুজৰাট উচ্চ ন্যায়ালয়ে তেওঁৰ শাস্তি স্থগিত ৰাখে আৰু তেওঁৰ সাংসদ পদ ঘূৰি আহে তেন্তে কি কৰা হʼব সেয়া তেতিয়া দেখা যাব। ‘ভাৰত জোৰো যাত্ৰা’ৰ সময়ত ৰাহুলে নিজেই কৈছিল যে তেওঁৰ নিজৰ ঘৰ নাই। ইয়াৰ পূৰ্বে প্ৰিয়ংকা গান্ধীয়ে এছ পি জিৰ নিৰাপত্তা উঠাই লোৱাৰ পিছতে ভাদ্ৰাইও লোডী ৰোডত থকা চৰকাৰী বাংলো খালী কৰিছিল।
কংগ্ৰেছে ৰাহুলৰ সাংসদ পদ প্ৰত্যাখ্যানক প্ৰতিশোধৰ ৰাজনীতি বুলি অভিহিত কৰাৰ বিপৰীতে তেওঁৰ বাংলো খালী হোৱাক লৈ আৱেগ জগাই তুলিবলৈ দলৰ নেতা-কৰ্মীসকল ৰাজপথলৈ ওলাই নাহিল। কেৱল মুখপাত্ৰ পৱন খেৰাই (Pawan Khera) প্ৰাক্তন কংগ্ৰেছ নেতা গুলাম নবী আজাদক (Ghulam Nabi Azad) কটাক্ষ কৰিলে। ৰাজ্যসভাৰ কাৰ্যকালৰ দুবছৰ পূৰ্বে হ’লেও নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ হৈ পৰা আজাদ এতিয়াও চৰকাৰী বাংলোত!











