![]()
বোকাখাতৰ লাখুটিখুন্দা নিবাসী অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, বিশিষ্ট লেখক, কবি, নাট্যকাৰ, সমাজ চিন্তক হেম বৰা (৭০)ৰ যোৱা ১৩ এপ্ৰিলৰ নিশা নিজ বাসভৱনত দেহাৱসান ঘটে। পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে যোৱা দুদিন ধৰি তেওঁ ভাইৰেল জ্বৰত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। কিন্তু নিশা হঠাতে বৰাৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটি বাসভৱনতে মৃত্যুমুখত পৰে।

বোকাজান জলসিঞ্চন বিভাগত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা বৰা বোকাখাতৰ সামাজিক, সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। বোকাখাত পুৱতি সাহিত্য সভা, অসম সাংস্কৃতিক মহাসভাৰ বোকাখাত জিলা শাখা আদি কেইবাটাও সংগঠনৰ সৈতে জড়িত হোৱাৰ লগতে বোকাখাত মহকুমা কবি সন্মিলনৰ উপদেষ্টা আছিল বৰা। ‘নেপথ্যত বান্দৰৰ খেল’ শীৰ্ষক দুখনি একাংকিকা নাটকৰ সংকলনৰ লগতে এখনি কাব্য সংকলন প্ৰকাশ পাইছে বৰাৰ।
কিন্তু পৰিয়ালৰ সূত্ৰই জনোৱা মতে তেওঁৰ ৰচিত কেইবাখনো গ্ৰন্থ অপ্ৰকাশিত হৈ ৰ’ল। উল্লেখ্য যে সদৌ অসম কবি সন্মিলনৰ ‘ব’হাগী বৰণ’ কাৰ্যসূচী অনুসৰি এইবেলি ৰঙালী বিহুতে বোকাখাত মহকুমা কবি সন্মিলনৰ তৰফৰ পৰা বৰালৈ ‘ব’হাগী বৰণ’ সম্বৰ্ধনা জনোৱাৰ কথা আছিল। বৰা অসম সাহিত্য সভাৰ আজীৱন সভ্য আছিল। তেওঁৰ বিয়োগ বোকাখাতৰ সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি নিজৰা বৰঠাকুৰে।
বৰাই পত্নী অনিলা বৰা, জীয়াৰী ৰুমী বৰা শইকীয়া, জোঁৱাই, এগৰাকী নাতি এৰি থৈ গৈছে। বৰাৰ মৃত্যুত পৰিয়াল-স্বজনকে ধৰি অজস্ৰ গুণমুগ্ধৰ মাজত শোকৰ ছাঁ পৰিছে। তেওঁৰ বিয়োগত সদৌ অসম কবি সন্মিলন, অসম ৰাজ্যিক সাংবাদিক সন্থা, গোলাঘাট জিলা কবি সন্মিলন, বোকাখাত মহকুমা কবি সন্মিলন, বোকাখাত পুৱতি সাহিত্য সভা, বোকাখাত নাট্য মন্দিৰ, অসম সাংস্কৃতিক মহাসভাৰ বোকাখাত শাখা, কে এন এন বোকাখাত, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতি, বোকাখাত জ্যেষ্ঠ নাগৰিক সন্মিলনী, বোকাখাত ৰূপজ্যোতি সংঘ, সাৰথি নাট্যগোষ্ঠী, অৰুণ পাব্লিকেচনচকে আদি কৰি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।













