![]()
নিউজ ডেক্স:আজি ৰঙিয়াৰ বৰঘুলিত সংঘটিত এক পথ দুৰ্ঘটনাত (Road Accident) ৰঙিয়াস্থিত লাহাপাৰা আৰু হাতিমূৰা গাঁৱৰ ১৩ জনকৈ ব্যক্তি গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।বৰঘুলিৰ পৰা কাউৰবাহালৈ গৈ থকা অৱস্থাত ৰঙিয়া-গোৰেশ্বৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই এখন যাত্ৰীবাহী টেম্পোৱে নাৰিকল গছত খুন্দা মাৰে।

দুৰ্ঘটনাটোত আহক সকল ক্ৰমে চুহানি বড়ো (১), প্ৰীতম বড়ো (৪), জন বড়ো (৬), চন্দ্ৰধৰ বড়ো (৪৪), ৰত্ন স্বৰ্গীয়াৰী (৪২), ৰহিতচ স্বৰ্গীয়াৰী (৫১), ৰিনা বড়ো (৪০), অষ্টমী বড়ো (৩৫), লভিতা বড়ো (২২), দেওবাৰী বড়ো (৩৫), মামিনি বড়ো (৩০), ৰিনা বড়ো (৪২) আৰু টেম্পো চালক নেৰশ্বৰ বড়ো (৩০) ক ততাতৈয়াকৈ কাউৰবাহা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।
উল্লেখ্য যে, গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত সকলক পৰ্যাপ্ত চিকিৎসা প্ৰদান কৰিব নোৱাৰাৰ ফলত চিকিৎসালয়ত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে স্থানীয় ৰাইজে, ধৰ্ণা দিয়ে তেওঁলোকে। পৰৱৰ্তী সময়ত, আহক সকল উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসালয়ত প্ৰেৰণ কৰা হয়।













