![]()
চুৰাট সত্ৰ আদালতৰ ৰায়দানৰ পাছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) লোকসভাৰ সাংসদ পদ পুনৰ দখল কৰাৰ আশা সম্প্ৰতি ইতি পৰিল। যোৱা ২৩ মাৰ্চত গুজৰাটৰ চুৰাট দণ্ডাধীশ আদালতে ৰাহুলক ‘ফৌজদাৰী মানহানি’ গোচৰত দোষী সাব্যস্ত কৰাৰ পিছতে বৃহস্পতিবাৰে অতিৰিক্ত সত্ৰ ন্যায়াধীশ আৰ পি মোগেৰাই ৰাহুলৰ বিৰুদ্ধে স্থগিতাদেশৰ আবেদন খাৰিজ কৰে। ফলত ৰাহুলে সম্প্ৰতি কেৰালাৰ ৱায়ানাড়ৰ সাংসদ পদটো ঘূৰাই নাপালে।

যোৱা ২৩ মাৰ্চত গুজৰাটৰ চুৰাট দণ্ডাধীশ আদালতে ২০১৯ চনৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ কোলাৰত ‘মোডী’ উপাধি ব্যৱহাৰ কৰি আপত্তিজনক মন্তব্য কৰা ৰাহুলক দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। ইয়াৰ আধাৰত ২৪ মাৰ্চত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন (১৯৫১)ৰ ৮(৩) অনুচ্ছেদৰ অধীনত ৰাহুলক সংসদ সদস্যৰ পৰা বৰ্খাস্ত কৰে।
দণ্ডাধীশ আদালতৰ ৰায়ৰ বিৰুদ্ধে তেওঁ যোৱা ৩ এপ্ৰিলত চুৰাটৰ সত্ৰ আদালতত আবেদন দাখিল কৰে। ন্যায়াধীশ আৰ পি মোগেৰাই মানি লৈ জামিন বৰ্তাই ৰখাৰ নিৰ্দেশ দিয়ে। কিন্তু সেইদিনা সত্ৰ আদালতে ৰাহুলক দোষী ঘোষণা কৰি দণ্ডাধীশ আদালতৰ ন্যায়াধীশ এইচ এইচ বাৰ্মাৰ ৰায়দান স্থগিত ৰখা নাছিল।









