![]()
উত্তৰ প্ৰদেশৰ অযোধ্যাত এজন পুৰোহিতৰ (Ayodhya Priest) অস্বাভাৱিক মৃত্যুৰ অভিযোগক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। লাইভ সম্প্ৰচাৰিত ভিডিঅʼত তেওঁ আৰক্ষীক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। যদিও আৰক্ষীৰ দাবী, পুৰোহিতজন ড্ৰাগছৰ প্ৰতি আসক্ত আছিল। আৰক্ষীৰ মতে নিৰ্যাতনৰ অভিযোগ ভিত্তিহীন।

অযোধ্যাৰ নৰসিংহ মন্দিৰৰ (Narsingh Mandir) এজন পুৰোহিত আছিল ৮০ বছৰীয়া ৰামচৰণ দাস। চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা সন্ধানহীন হৈ আছিল। ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ২৮ বছৰীয়া ৰামশংকৰ দাসৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰে। ৰামাশংকৰে নৰসিংহ মন্দিৰত পুৰোহিত হিচাপে কাম কৰিছিল। যোৱা সোমবাৰে বিয়লি মন্দিৰ চৌহদত থকা ৰামশংকৰৰ বহা কোঠাৰ পৰা উদ্ধাৰ কৰে তেওঁৰ ওলমি থকা মৃতদেহ।
দুদিন আগতে তেওঁৰ কোনো সন্ধান নাছিল। প্ৰথম অৱস্থাত আৰক্ষীয়ে ভাবিছিল যে পুৰোহিতজনে আত্মহত্যা কৰিছে। জানিব পৰা মতে, মৃত্যুৰ পূৰ্বে তেওঁ ফেচবুকত লাইভ কৰিছিল। তেওঁৰ আত্মহত্যাৰ ছবিও সেই ভিডিঅʼটোত বন্দী হৈছে।ৰামশংকৰে ফেচবুক লাইভত আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ মূল অভিযোগ আছিল স্থানীয় ভাৰপ্ৰাপ্ত ৰায়গঞ্জ আৰক্ষী বিষয়াৰ বিৰুদ্ধে।
আৰক্ষীৰ হাৰাশাস্তি সহ্য কৰিব নোৱাৰাৰ বাবে ৰামাশংকৰে চৰম পথ বাছি লৈছে বুলিও তেওঁ লাইভ সম্প্ৰচাৰত দাবী কৰে। অৱশ্যে আৰক্ষীয়ে সকলো অভিযোগ খাৰিজ কৰে। কোটিয়ালী থানাৰ এছ এইচ অ’ মনোজ শৰ্মাই কয়, “পুৰোহিত ৰামশংকৰ দাস ড্ৰাগছৰ প্ৰতি আসক্ত আছিল। ড্ৰাগছ সেৱন কৰি আত্মহত্যা কৰা যেন লাগে। আমি মৃত্যুৰ সকলো সম্ভাৱ্য কাৰণৰ ওপৰত চকু ৰাখিছো। কিন্তু তেওঁ আৰক্ষীৰ বিৰুদ্ধে উত্থাপন কৰা সকলো অভিযোগ সম্পূৰ্ণ মিছা।”বিগত দুদিন ধৰি ৰামশংকৰৰ কোনো সন্ধান পোৱা নাছিল।
সোমবাৰে বিয়লি তালাচী চলোৱাত তেওঁৰ ঘৰৰ দুৱাৰত ভিতৰৰ পৰা তলা লগোৱা দেখা যায়। দুৱাৰ ভাঙি ভিতৰলৈ সোমোৱাৰ পিছত তেওঁৰ ওলমি থকা মৃতদেহটো উদ্ধাৰ হয়। কাপোৰেৰে ৰছী বনাই তেওঁ নিজকে ওলোমাই থৈছিল। আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা যে তেওঁ আত্মহত্যা কৰিছিল। এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।












