ASSAM TIMES POST
নগাঁও : গুৱাহাটীস্থ ইস্কন অনুমোদিত নগাঁৱৰ অসম নামহট্টৰ উদ্যোগত ১৪ আৰু ১৫ ডিচেম্বৰত আয়োজন কৰা হৈছে প্ৰজ্ঞান মহোৎসৱ। সংঘৰ নগাঁও শাখাৰ সভাপতি প্ৰেমাসিন্ধু নিত্যানন্দ দাসে জানিবলৈ দিয়া মতে, এই উৎসৱ নগাঁও চহৰৰ ফৌজদাৰী পট্টিৰ ৰামলাল দূৰ্গাদত্ত বিবাহ ভৱনত অনুষ্ঠিত হব। এই উৎসৱত দিল্লী ইস্কনৰ এইছ জি সনাতন কৃষ্ণা দাসে প্ৰধান বক্তা হিচাপে অংশ গ্ৰহণ কৰিব। এই উৎসৱত অসমৰ লগতে দেশ বিদেশৰ প্ৰতিনিধিয়েও অংশ গ্ৰহন কৰিব। ১৪ ডিচেম্বৰত সংকীৰ্তনেৰে এই উৎসৱৰ শুভাৰম্ভ হব। অনুষ্ঠানৰ শুভাৰম্ভ কৰিব নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।এই অনুষ্ঠানত উপস্থিত থাকিব নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন বিধায়ক ডা দুৰ্ল্লভ চমুৱাকে ধৰি বহুকেইজন গণ্য-মান্য ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব। উদ্বোধনী অনুষ্ঠানৰ পিছত নগৰ পৰিক্ৰমা গৌৰ আৰতী, তথ্যচিত্ৰ পদৰ্শন , সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ’ব। দ্বিতীয় দিনা গুৰু পূজা আৰু নামহট্ট সন্মিলন অনুষ্ঠিত হব। এই উৎসৱ সফল কৰি তুলিবলৈ সংঘৰ নগাঁও শাখাৰ যুটীয়া সম্পাদক লক্ষেশ্বৰ কোঁৱৰ আৰু ৰিংকু বৰাই সকলোকে অাহ্বান জনাইছে।













