ASSAM TIMES POST
ডিফু : ভাৰতীয় জনতা পাৰ্টীৰ পূব কাৰবি আংলং বিজেপিৰ সভাপতি ৰতন টেৰণৰ কাৰ্যকাল উকলি যোৱাৰ পিছত ধনছিং টেৰণ তেওঁৰ স্থলাভিষিক্ত হিছাপে নিৰ্বাচিত কৰা হয় ৷ আজি ডিফুস্থিত বিজেপিৰ মূখ্য কাৰ্যালয়ত আনুষ্ঠানিক ভাবে সভাপতিৰ গুৰুদায়িত্ব গ্ৰহণ কৰে ধনছিং টেৰণে ৷ ইয়াৰ পূৰ্বে ধনছিং টেৰণ পূব কাৰবি আংলং বিজেপিৰ উপসভাপতিৰ পদ অলংকৃত কৰি আছিল ৷

আজি নৱনিযুক্ত সভাপতি গৰাকীক বিজেপিৰ মুখ্য কাৰ্যালয়ত জিলা সমিতি আৰু মণ্ডল বিজেপিৰ নেতা- কৰ্মীৰ লগতে কাৰবি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ সমন্বিতে ইএম আৰু এমএচি সকলে উষ্ম আদৰণি জনায় ৷ ধনছিং টেৰণৰ ঘৰ বকলিয়াঘাটৰ ফংলংপেটত বুলি জানিব পৰা গৈছে ৷ আজিৰ কাৰ্যসূচীত জিলা বিজেপি নিৰ্বাচনৰ দায়িত্বত থকা সাংগঠনিক সম্পাদক অভিজিত কুমাৰ নাথ বিজেপিৰ জিলা নিৰ্বাচনী পৰ্যবেক্ষক অনুপছিং ৰাজ পুৰুহিত উপস্থিত থাকে ৷













