ASSAM TIMES POST
নগাঁওঃ এজোপা তিনিশ বছৰ পুৰণি তেতেলী গছ। নগাঁও চহৰৰ সমীপৱৰ্তী উৰিয়াগাঁৱত থকা এই গছজোপা তিনদিন পূৰ্বে হঠাৎ উভালি পৰাৰ ফলত বন্ধ হৈ আছে উৰিয়াগাঁও-বৰমা সংযোগী গড়কপ্তানি পথটি। কিন্তু অঞ্চলৰ ৰাইজে বৰ্তমানলৈকে গছজোপাক চুবলৈ সাহস কৰা নাই।
কিয়নো এই পুৰণি বৃক্ষ জোপাৰ তলতেই দীৰ্ঘদিন ধৰি অঞ্চলৰ ৰাইজে চাকি-বন্তি অথবা ধূপ-ধুণা দি উপাসনা কৰি আহিছে।ধূপ-ধূনা ,নৈবদ্য দি উপাসনা কৰা তিনিশ বছৰ পুৰণি এই গছজোপাৰ বাবেই আজি তিনিদিন ধৰি বন্ধ হৈ আছে এই গড়কপ্তানি পথটো। ফলত এই পথৰে সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে যানবাহনৰ চলাচল। কিন্তু কোনেও গছজোপা কাটি পথটো মোকোলাবলৈ সাহস গোটাব পৰা নাই।
কাৰণ গাঁওখনৰ ৰাইজে এই গছজোপাক ঈশ্বৰৰ সৈতে তুলনা কৰে ।গাঁওখনৰ বয়োজ্যেষ্ঠ বহু লোকে আনকি বিহুৱে-সংক্ৰান্তিয়ে গছজোপাৰ তলত ধুপ-ধুণা জ্বলাই সেৱাও কৰিছিল। পিছে আজোককাৰ দিনৰে পৰা থকা গছজোপা ভাগি পৰিব বুলি হয়তো কোনেও ভাবিব পৰা নাছিল। সেয়ে ভগৱানৰ সৈতে তুলনা কৰা পুৰনি বৃক্ষক ছেদ কৰাৰ সাহসো কৰা নাই কোনেও। এতিয়া গাঁওবাসীয়ে অপেক্ষা কৰিছে নগাঁৱৰ গড়কপ্তানি বিভাগলৈ। পিছে তিনিদিন পথ বন্ধ হৈ থকাৰ পিছতো গড়কপ্তানি বিভাগে পথছোৱা মুকলি কৰাৰ কোনো ব্যৱস্থা লোৱা নাই।













