ASSAM TIMES POST
নগাঁও : চলিত বৰ্ষত প্ৰকাশ পোৱা শ্ৰেষ্ঠ শিশু গ্ৰন্থ “দোকমোকালিৰ বেলি” বুলি ঘোষণা কৰে অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱাই। সেয়ে “দোকমোকলিৰ বেলি” শিশু গ্ৰন্থখনৰ লেখিকা সুৰাংগনা হাজৰিকাক আগন্তুক নগাঁও গ্ৰন্থমেলাত প্ৰথম বাৰৰ বাবে প্ৰদান কৰা হ’ব ‘মৃগনয়না শইকীয়া সোঁৱৰণী” বঁটা। অসমীয়া মৌলিক শিশু সাহিত্যৰ লেখক-লেখিকা সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে প্ৰতিবছৰে মৃগনয়না শইকীয়া সোঁৱৰণী শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদানৰ সিদ্ধান্ত গ্রহণ কৰে। অহা ১৪ ডিচেম্বৰৰ পৰা নগাঁৱত অনুষ্ঠিত হ’ব লগা কল্লোল গ্ৰন্থমেলাৰ এক গাম্ভীৰ্যপূৰ্ণ সভাত উক্ত বঁটা প্ৰদান কৰা হ’ব বুলি অকণিৰ সাহিত্য সভাৰ সম্পাদক মনোৰঞ্জন গোঁহায়ে জনায়। এই বঁটাত আছে নগদ ১০ হাজাৰ টকা, স্মাৰক, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা, গামোচা আৰু অংগবস্ত্ৰ। উল্লেখ্য যে২০০৭ চনৰ চাৰি নবেম্বত জন্ম গ্ৰহণ কৰা আৰু ২০১৯ চনৰ ২৭ জুনত আকস্মিকভাৱে বিয়োগ হোৱা কিতাপ পঢ়ি ভাল পোৱা মেধাবী ছাত্ৰী মৃগনয়না শইকীয়াৰ স্মৃতিত এই বঁটা প্ৰদান কৰিব । “দোকমোকালিৰ বেলি” দহোটা শিশু-গল্গ একত্ৰ সংকলন। গ্ৰন্থখন প্ৰকাশ কৰিছে গোলাঘাটৰ পুথিতীৰ্থ প্ৰকাশনে।













