ASSAM TIMES POST
আছিফ আলি
শিৱসাগৰ : বৰাকৰ বঙালী নেতাই অসমীয়া ভাষাৰ ওপৰত কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে বীৰ লাচিত সেনা, অসম। শিৱসাগৰত আজি এক সংবাদমেল সম্বোধন কৰি কৰি সংগঠনটোৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহা আৰু শিৱসাগৰ জিলা সভাপতি চিতু বৰুৱাই প্ৰদীপ দত্তৰয়ৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপি আৰু আৰ এচ এচকো তীব্ৰ সমালেচনা কৰে।
প্ৰদীপ দত্তৰয়ক ৰাজ পথত প্ৰহাৰ কৰাৰ হুংকাৰ বীৰ লাচিত সেনাৰ। অসমীয়া ভাষা আৰু অসমীয়া বিৰোধী মন্তব্য কৰা বৰাকৰ বঙালী নেতা প্ৰদীপ দত্তৰয়ক উজনি অসমত প্ৰৱেশ বন্ধ কৰিলে বীৰ লাচিত সেনাই। প্ৰদীপ দত্তৰয়ে অসমৰ ৰাজপথত বঙালী ভাষা ৰক্ষাৰ বাবে ভাষা আন্দোলন কৰাৰ যি ভাবুকি দিছে তাৰ প্ৰত্যুত্তৰত সংগঠনটোৱে কয়, অসমৰ ৰাজপথত যতেই দেখে তাতেই প্ৰদীপ দত্তৰয়ত পিটিব বুলি হুংকাৰ দিয়ে বীৰ লাচিত সেনাই। মাৰৰ কোবত প্ৰদীপ দত্তয়ে অসমীয়া কোনখন মুখে কয়, বঙালী কোনখন মুখে কয় তাক পাহৰি যাব বুলি কয় সংগঠনটোৱে।হেংদান আছেও, উলিয়ামো আৰু অসমীয়া বিৰোধীক কাটিম বুলিও ভাবুকি দিয়ে বীৰ লাচিত সেনাই।কেব গৃহীত কৰিলে বিজেপি আৰু আৰ এচ এচৰ লগত প্ৰত্যক্ষ যুদ্ধত অৱৰ্তীণ হব বুলি ঘোষণা কৰে সংগঠনটোৱে।













