ASSAM TIMES POST
শিৱসাগৰ: উজনি অসম প্ৰতিবন্ধী সৰক্ষা সমিতিৰ উদ্যোগত ডিব্ৰুগড় আৰু শিৱসাগৰ জিলা সমিতিয়ে আজি বৰ্জন কৰে বিশ্ব প্ৰতিবন্ধী দিৱস। ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ শতাধিক প্ৰতিবন্ধীয়ে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবন্ধী সকলৰ মাহিলী ভাট্টা ১০০০ টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধি, প্ৰতি বন্ধী সকলক মাটিৰ পট্টা প্ৰদান, প্ৰতিবন্ধী সকলে চাকৰিৰ ক্ষেত্ৰত দীৰ্ঘদিনে কৰি অহা দাবী পূৰণৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰোপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা কাৰা লগতে মূল্যমৃদ্ধিৰ বাবেও প্ৰতিবাদ সাব্যস্ত কৰে এই সকল প্ৰতিবাদকাৰীয়ে।ধৰ্ণা কাৰ্যসূচীৰ জড়িয়তে প্ৰতিবাদকাৰী সকলে শিৱসাগৰ জিলা উপায়ুক্তৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।













