ASSAM TIMES POST
শিৱসাগৰ: ঐতিহাসিক শিৱসাগৰ চহৰৰ পুৰণা আমোলাপট্টিৰ সেউজপুৰ নিৱাসী বিশিষ্ট নাগৰিক, শিৱসাগৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা প্ৰবীণ নাট্যকৰ্মী যাদৱ ঠাকুৰৰ ৯০ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি হয় ৷ শিৱসাগৰ বাৰোৱাৰী পূজা সমিতিৰ লগত ওতপ্ৰোতভাৱে জড়িত থকা প্ৰয়াত যাদৱ ঠাকুৰে মৃত্যুৰ সময়ত পত্নীসহ দুজন পুত্ৰ আৰু এগৰাকী জীয়ৰীৰ লগতে বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায় ৷ আনফালে জ্যেষ্ঠ নাট্যকৰ্মীগৰাকীৰ মৃত্যুত অসম নাট্য সন্মিলন-শিৱসাগৰ জিলা সমিতি, নাট্যপীঠ, সমন্বয় সাংস্কৃতিক গোষ্ঠী, শিল্পী সমাজ-অসম শিৱসাগৰ, বাৰোৱাৰী কলা কৃষ্টি কেন্দ্ৰ, বাৰোৱাৰী পূজা সমিতি, জংগম ক্লাব, পুৰণা আমোলাপট্টি নামঘৰ সমাজ, সনাতন ধৰ্ম নামঘৰ সমাজ, হিন্দু ধৰ্ম নামঘৰ আদিয়ে সংবাদ মাধ্যমৰ যোগেদি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷৷













