ASSAM TIMES POST
গুৱাহাটীঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৯ক বুধবাৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পাছতে সংবাদ মাধ্যমত সৰৱ হৈ পৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। তেওঁ কয় যে এই অনুমোদনে দুদিন পূৰ্বে ৰাজ্যৰ জাতীয় সংগঠনসমূহৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ ‘কেব’ সম্পৰ্কীয় বৈঠক যে ভেকো-ভাওনা আছিল তাকে প্ৰমাণিত কৰিলে। ইফালে, যোৱা দুদিনমান ধৰি অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই বিধেয়কখনৰ প্ৰায় সপক্ষে স্থিতি গ্ৰহণ কৰাৰ প্ৰসংগ টানি আনি তেওঁ কয় যে ‘কেব’ক লৈ অগপত দুটা ফৈদৰ সৃষ্টি হৈছে। অগপ পুনৰ দ্বিখণ্ডিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি তেওঁ কয় যে অসম আন্দোলনৰ প্ৰকৃত নেতা-কৰ্মীসকলে বিধেয়কখন মানি ল’ব নোৱাৰে। সেয়েহে, প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত এটা নতুন দল হ’ব। গগৈয়ে মহন্তৰ নেতৃত্বত গঠন হ’বলগীয়া দলটোহে প্ৰকৃত আঞ্চলিক শক্তি হ’ব বুলি কয়। আনহাতেদি বিধেয়কখনৰ প্ৰসংগত তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পুনৰ এবাৰ সমালোচনা কৰে।













