ASSAM TIMES POST
গুৱাহাটীঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অহা ৬ ডিচেম্বৰত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব অসম সাহিত্য সভাই। সেইদিনা পুৱা ১১ বজাৰপৰা দুপৰীয়া ১ বজালৈ ৰাজ্যৰ সকলোবোৰ জিলা আৰু আঞ্চলিক কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণেৰে এই প্ৰতিবাদ সাব্যস্ত কৰা হ’ব। বুধবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই এই কথা সদৰী কৰি কয় যে উক্ত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰ পাছতেই প্ৰতিবাদকাৰীসকলে ৰাজ্যৰ প্ৰতিজন উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ তেওঁৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ জৰুৰী স্মাৰক পত্ৰ প্ৰেৰণ কৰিব। বিবৃতিটোত বিষয়-ববীয়াদ্বয়ে স্পষ্টভাৱে কয়, ‘যোৱা ৩০ নৱেম্বৰত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহক লগ ধৰি অসম সাহিত্য সভাই অসমৰ জাতীয় জীৱন বিনষ্টকাৰী নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয় বুলি স্পষ্টভাৱে কৈছিল। সমগ্ৰ অসমত এই বিধেয়কৰ বিৰুদ্ধে যি প্ৰতিবাদ হৈছে ইয়াৰ প্ৰতি সন্মান জনাই ভাৰত চৰকাৰে এই বিধেয়কখন প্ৰত্যাহাৰ কৰক।’ বিবৃতিটোৰ জৰিয়তে এই অৱস্থান ধৰ্মঘটত সভাৰ জিলা, শাখা গোটৰ বিষয়-ববীয়া, সদস্য-সদস্যাসকলৰ উপৰি লেখক-শিল্পীসকলক অংশগ্ৰহণ কৰিবলৈ দুয়ো আহ্বান জনায়। উল্লেখ্য যে বুধবাৰে কেন্দ্ৰীয় কেবিনেটত বিধেয়কখন অনুমোদন জনোৱাতে সাহিত্য সভাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।













