![]()
এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে (Sharad pawar) লাভ কৰিছে ছচিয়েল মিডিয়াত মৃত্যুৰ ভাবুকি। এই অভিযোগ সন্দৰ্ভত শৰদৰ কন্যা সুপ্ৰিয়া চুলেকে (Supriya Sule) ধৰি এনচিপিৰ নেতৃত্বই মুম্বাইৰ আৰক্ষী আয়ুক্ত বিবেক ফানছালকাৰক (Vivek Phansalkar) সাক্ষাৎ কৰে। মুম্বাই আৰক্ষীয়ে জনোৱা মতে, এফআইআৰ দাখিল কৰি তদন্ত আৰম্ভ কৰা হৈছে। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰনভিছে এই ঘটনাৰ বিষয়ে জানিব পাৰি স্পষ্ট কৰি দিয়ে যে চৰকাৰে কোনো নেতাক ভাবুকি দিয়াটো সহ্য নকৰে।

এনচিপিৰ সাংসদ সুপ্ৰিয়াই দাবী কৰিছে যে ফেচবুক আৰু হোৱাটছএপৰ ৱেবছাইটৰ দ্বাৰা পাৱাৰক ভাবুকি দিয়া হৈছে। ফেচবুক মেছেজত পাৱাৰক ভাবুকি দিয়া হৈছে, “তোমাৰো অৱস্থা শেষত (নৰেন্দ্ৰ) ডাভোলকৰৰ দৰেই হ’ব।”









