![]()
এনচিপি (NCP)ত কাৰ্যত অন্ত পৰিল শৰদ পাৱাৰৰ (Sharad Pawar)! কিয়নো এনচিপিৰ পৰৱৰ্তী শীৰ্ষ পদবীৰ নাম ঘোষণা কৰিলে খোদ পাৱাৰেই। শনিবাৰে কন্যা সুপ্রিয়া ছুলে (Daughter Supriya Sule) আৰু প্রফুল পটেলক (Praful Patel) দলৰ কার্যকৰী সভাপতি হিচাবে ঘোষণা (Declaration as Executive President) কৰে তেওঁ। দলৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনাই পাৱাৰে এই ঘোষণা কৰে। উল্লেখযোগ্য যে ১৯৯৯ চনত পিএ চাংমাৰ সৈতে মিলি এনচিপি গঠন কৰিছিল শৰদ পাৱাৰে। তাৎপর্যপূর্ণ কথাটো হৈছে, নতুন ৰদবদলত স্থান লাভ নকৰিলে শৰদ পাৱাৰৰ ভতিজাক অজিত পাৱাৰে।

উল্লেখযোগ্য যে ভাৰতৰ ৰাজনীতিত ক্ষুৰধাৰ মস্তিষ্কৰ বাবে পৰিচিতি শৰদ পাৱাৰ। দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী পর্যন্ত তেওঁৰ ৰাজনৈতিক প্রজ্ঞাত গুণমুগ্ধ। সেইগৰাকী এনচিপি প্রধান পাৱাৰে পুনৰ ‘খেলা’ দেখালে। শনিবাৰে দলৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত পাৱাৰে ঘোষণা কৰিলে তেওঁৰ পিছত দলৰ দায়িত্ব ভাৰ কাৰ কান্ধত পৰিব। লগতে দেখা গ’ল, ভতিজাক অজিত পাৱাৰৰ তাত নাম-গোন্ধেই নাই। তাৰ পৰিৱৰ্তে কার্যকৰী সভাপতিৰ পদ লাভ কৰে কন্যা সুপ্রিয়া চুলে আৰু প্রফুল পটেলে। জানিব পৰা মতে, পাৱাৰ সম্প্ৰতি এনচিপিৰ সভাপতি পদতেই থাকিব। তেওঁক সভাপতিত্বত সহায় কৰিব সুপ্রিয়া আৰু প্রফুলে।










