![]()
এনচিপি নেতা শৰদ পাৱাৰক (NCP leader Sharad Pawar) ভাবুকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন ব্যক্তি। দেওবাৰে পুনেৰ পৰা মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে আইটি পেছাদাৰী লোকজনক (Arrested IT professional)। দেওবাৰে আদালতত হাজিৰ কৰোৱা হয় ৩২ বছৰীয়া সাগৰ বৰভেক (Sagar Barve)। ১৪ জুনলৈকে তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
অভিযোগ উত্থাপন হৈছে যে ব্যক্তিজনে ছচিয়েল মিডিয়াত শৰদ পাৱাৰক ভাবুকি দিছিল। তাৰ পৰিপ্ৰেক্ষিতত শৰদ পাৱাৰৰ কন্যা সুপ্ৰিয়া ছুলেয়ে মুম্বাই আৰক্ষীত গোচৰ ৰুজু কৰে। প্ৰাথমিক তদন্তত আৰক্ষীয়ে কয় যে ব্যক্তিজন কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয়।











