ASSAM TIMES POST
নগাঁওঃ শ্ৰীলংকা চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত যোৱা ২৮ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ শ্ৰীলংকাৰ মাউন্ট লেভিনিয়া হোটেলত অনুষ্ঠিত মিচ এণ্ড মিচেচ
গ্লবেল ইউনিভাৰচেল প্ৰতিযোগিতাত স্থান দখল কৰি সন্মান কঢ়িয়াই আনিছে নগাঁৱৰ ইন্দ্ৰাণী শইকীয়া নামৰ এগৰাকী মহিলাই।
কৰ্মসূত্ৰে জাৰ্মাণীৰ ফ্ৰেংকফুটত থকা মহিলাগৰাকীয়ে মিচেচ গ্লবেল ইউনিভাৰচেল সাধাৰণ শাখাত ২য় ৰাণাৰ্চ আপৰ সন্মান লাভ কৰিছে।তেওঁ মিচেচ কনজেনিয়েলিটি আৰু মিচেচ বিউটি উইথ পাৰপচ সন্মানো লাভ কৰিছে।
ইন্দ্ৰাণী শইকীয়াৰ ঘৰ নগাঁও চহৰৰ পলিটেকনিকৰ ওচৰৰ ৰত্নপুৰত।উল্লেখ্য এছিয়া মহাদেশৰ যুৱতী তথা মহিলাসকলৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত হয়।













