ASSAM TIMES POST
নগাঁও : নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষত অগপ সভাপতি অতুল বৰাই স্থিতি গ্ৰহন কৰাত ক্ষুদ্ধ হৈ পৰিছে দলটোৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতি।আজি সংগঠনটোৰ সভাপতি মুকুল বৰঠাকুৰ আৰু সম্পাদক দিপুজ্জল ৰাজখোৱা আৰু ৰঞ্জন বৰাই এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰামতে অসম আৰু অসমীয়াৰ স্বাৰ্থৰ পৰিপন্থী নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত অগপৰ শীৰ্ষ নেতৃত্বই লোৱা স্থিতিৰ অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিয়ে বিৰোধিতা কৰিছে।অসম চুক্তি আৰু অসম আন্দোলনৰ ঔৰষত জন্ম লাভ কৰা অগপৰ বৰ্তমানৰ শীৰ্ষ নেতৃত্বই লোৱা ভূমিকা দুৰ্ভাগ্যজনকেই নহয়,নিন্দনীয়ও।দলৰ ভৱিষ্যত আৰু খিলঞ্জীয়াৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি সংশোধিত বিধেয়ক খনক অগ্ৰাহ্য কৰিবলৈ নেতৃত্বক দাবী জনাইছে দলটোৰ ভাতৃ সংগঠনটোৱে।













