ASSAM TIMES POST
ডিফুঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে৷ জাতি ধ্বংসী এই বিধেয়কখনৰ বিৰুদ্ধে অসমৰ আন দল সংগঠনৰ লগতে অসম সাহিত্য সভাই নিজৰ স্থিতি প্ৰকাশ কৰিছে৷

অসম সাহিত্য সভাই এই বিধেয়কখনৰ বিৰোধিতা কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ কাৰ্বি আংলং জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে৷ অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশী, প্ৰধান সম্পাদক পদুম ৰাজখোৱা, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি নৰেন্দ্ৰনাথ হাজৰিকা আৰু সম্পাদক অতুল বৰুৱাৰ স্বাক্ষৰিত স্মাৰকপত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ প্ৰত্যাহাৰ কৰিবলৈ দাবী কৰে ৷
বিধেয়কখন সংসদত গৃহিত নকৰিবলৈ লগতে আহ্বান কৰে৷ উল্লেখ্য যে যোৱা ৩০ নৱেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক অসম সাহিত্য সভাই বিধেয়কখনৰ সন্দৰ্ভত নিজৰ স্থিতি অৱগত কৰিছিল৷













