ASSAM TIMES POST
আছিফ আলি,শিৱসাগৰঃ শিক্ষামন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতো কেবৰ বিৰুদ্ধে ওলাই আহিল শিৱসাগৰ ছাত্ৰ সমাজ।
ৰাজ্যত চৰকাৰী স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে কেবৰ বিৰুদ্ধে হোৱা আন্দোলনত অংশ গ্ৰহণ কৰিব নোৱাৰিব বুলি শিক্ষা মন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিয়াৰ পাছতো শিৱসাগৰৰ ৰাজ পথত কেবৰ বিৰুদ্ধে ওলাই আহিল ছাত্ৰ সমাজ।

শিৱসাগৰৰ কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে চহৰৰ বৰ্ডিং খেলপথাৰৰ পৰা এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰি সমগ্ৰ শিৱসাগৰ নগৰ পৰিভ্ৰমণ কৰি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

কেব আমি নামানো, ছাত্ৰ সমাজ জাগিছে, বিজেপি লেই লেই, এজিপি গ’ বেক, সৰ্বানন্দ সোনোৱাল গ’ বেক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।













