ASSAM TIMES POST
আছিফ আলি, শিৱসাগৰঃ কেবক লৈ ৰাজ্যৰ চৌদিশ এতিয়া প্ৰতিবাদ মুখৰ। ৰাজপথলৈ ওলাই আহিছে দল সংগঠন ছাত্ৰ সমাজ। ধৰ্ণ, জোঁৰ সমদল, পুত্তলিকা দাহ, প্ৰতিবাদী সভা আদিৰ জড়িয়তে কাৰ হৈছে উত্তাল প্ৰতিবাদ।

শিৱসাগৰত দুই যুৱকে কৰিলে এক ব্যতিক্ৰমী প্ৰতিবাদ। কেবৰ বিৰোধিতাৰে বহিল আমৰণ অনশনত। ‘আমাক হত্যা কৰা নহলে কেব বাতিল কৰা’ শ্লগান লৈ শিৱসাগৰৰ দুই যুৱক জিন্তু মেছ আৰু ওমৰ উল্লাই আজিৰে পৰা মৃত্যু পৰ্যন্ত কেবৰ বিৰোধিতাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত থকা ড০ বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ সন্মুখত এই আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। মুখ্যমন্ত্ৰীক জাতীয় প্ৰৱঞ্চক আখ্যা দিয়াৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গণ শত্ৰু আখ্যা দিয়ে।
যদি বিজেপি চৰকাৰে কেব গৃহীত কৰে তেন্তে কেব বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ হবলৈ আমি সাজু বুলি মন্তব্য কৰে জিন্তু মেছ আৰু ওমৰ উল্লাই।













