ASSAM TIMES POST
নগাঁও : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বয় বস্তু কঢ়িওৱা গধুৰ যান বাহন ৰখাই থোৱাৰ ফলত উদ্যান খনৰ কৰি’ডৰেদি জীৱ-জন্তু অহাযাহত ব্যাঘাত সৃষ্টি কৰে ।
ইয়াৰ উপৰি জীৱ-জন্তু অহা-যোৱা কৰা কৰিড’ৰ সমূহত ৰখাই থোৱা যান বাহনৰ ধোঁৱা আৰু জাৱৰ জোথৰে উদ্যানখনৰ পৰিবেশৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা নগাঁও জিলা প্ৰশাসনৰ দৃষ্টি গোচৰ হয়। সেয়ে নগাঁও জিলা দণ্ডাধীশ যাদৱ শইকীয়াই ফৌজদাৰী কাৰ্য্যবিধিৰ অধীনত ১৪৪ ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।
এই অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত ৰাষ্ট্ৰীয় ঘাইপথৰ অংশত গধুৰ যান-বাহন ৰখাই থোৱা আৰু জাৱৰ জোথৰ পেলোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। এই অইন তৎকালে বলবৎ হৈছে আৰু আইন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হব বুলি জিলা প্ৰশাসনৰ সুত্ৰই সদৰি কৰিছে।













