![]()
মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ মাৰাথান অভিযান অব্যাহত থকাৰ সময়তে বুধবাৰে নিশা কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফু (Diphu)ত উদ্ধাৰ হয় বুজন পৰিমানৰ ড্ৰাগছ আৰু চুৰি সামগ্ৰী (Huge quantity of drugs and stolen items recovered)৷

বুধবাৰে নিশা ৯ বজাত এক গোপন খবৰৰ ভিত্তিত ডিফু থানাৰ অ’চি জেএছ খবুঙৰ নেতৃত্বত আৰু থানা ষ্টাফৰ সহযোগত ডিফু চহৰৰ এএছইবি সন্মূখৰ হিন্দী স্কুলৰ পিছফালে অভিযান চলাই এটা ঘৰৰ পৰা ৭টা ধঁপাতৰ টেমাত আৰু এটা প্লাষ্টিকত ভৰাই অনা অৱস্থাত সন্দেহযুক্ত হেৰ’ইন জব্দ (Heroin seized) কৰিবলৈ সক্ষম হয়৷ উদ্ধাৰ হোৱা নিচাযুক্ত সামগ্ৰীসমূহ জব্দ তালিকা অনুসৰি নিৰপেক্ষ সাক্ষীৰ উপস্থিতিত জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা নিচাযুক্ত সামগ্ৰীখিনিৰ সৈতে জড়িত থকাৰ বাবে আৰক্ষীয়ে ডিফুৰ ৰে’ল কলনিৰ অজয় দাস (২৬), ৰংমিৰদানৰ অইয়েন মিত্ৰ (২৭) আনটো ডিফু ৰংমিৰ্দান ৰেডিঅ’ চেণ্টাৰৰ ওচৰৰ মাৰ্টিন ৰংফাৰ (৩০) বুলি চিনাক্ত কৰা হৈছে৷

আনহাতে ডিফু থানাৰ গোছৰ নম্বৰ ৬৮/২৩ ৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই দুটা গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয় ডিফু আৰক্ষীয়ে ৷ চোৰ কেইটাৰ কৱলৰ পৰা আৰক্ষীয়ে দুটা ৰন্ধন গেছৰ চিলিণ্ডাৰ, ইনভাৰ্টাৰ আৰু ইনভাৰ্টাৰৰ বেটেৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত চোৰ দুটা ক্ৰমে, ডিফু ৰংমংৱেৰ মোহন ৰংপি (২৩) আৰু আনটো মৰিগাওঁ জিলাৰ এৰা গাঁৱৰ নাৰায়ণ শইকীয়া (২৫) বুলি চিনাক্ত কৰা হৈছে৷ আটাইকেইটা দূৰ্বৃত্তক আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷












